নাৰায়ণপুৰ,১১ আগষ্ট : গুৰুৰ প্ৰতি থকা ভক্তিয়ে ছাত্ৰ- ছাত্ৰীক জীৱন বাটত আগবঢ়ি যোৱাত সহায় কৰে।জ্যেষ্ঠক সন্মান আৰু গুৰু ভক্তিত কেতিয়াও জাত পাত বিচাৰৰ প্ৰয়োজন নাই। পৰস্পৰৰ কথা চিন্তা কৰিলেহে সুন্দৰ সুগঠিত আৰু এটা পৰিমাৰ্জিত জীৱনৰ কল্পনা কৰিব পাৰি। এই বক্তব্য শিক্ষাবিদ, সাহিত্যিক ভৰত ৰাজখোৱাৰ।আজি তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত ইক’ ক্লাৱৰ সৌজন্যত লাইফ স্কীল এডুকেশ্বনৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি তেখেতে আত্মসচেতনতা, সহানুভূতি ফলপ্ৰসূ যোগাযোগ, আন্তঃব্যক্তিগত সম্পৰ্ক, সিদ্ধান্ত গ্ৰহণ, জটিল চিন্তা, সমস্যা সমাধান, সৃষ্টিশীলতা,আৱেগৰ সৈতে মোকাবিলা কৰা আৰু মানসিক চাপ পৰিচালনা কৰা বিষয়ৰ ওপৰত বক্তব্য ৰাখে। উল্লিখিত বিষয়বোৰ ছাত্ৰ- ছাত্ৰীসকলৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ অংশ বুলি উল্লেখ কৰি পৰিশীলিত জীৱনৰ অধিকাৰী হ’ব বিচৰাজনে এই সমূহৰ গুৰুত্ব উপলব্ধি কৰাটো অতি মূল্যৱান বুলি পৰামৰ্শ আগবঢ়ায়। পুৱা দহ বজাৰ পৰা আৰম্ভ হোৱা কৰ্মশালাখন ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশিত এটি দিহা নামেৰে আৰম্ভ কৰা হয়। বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মুক্তাৰ আলীয়ে আঁত ধৰা সভাখন সামগ্ৰিক পৰিচালনাৰ দায়িত্ব পালন কৰে বিদ্যালয় প্ৰধান ৰমেন দুৱৰাই। কৰ্মশালাখনত উপস্থিত থাকে ক্ৰমে শিক্ষক আইনল হক, হেমন্ত শইকীয়া, ৰিতুৰাজ বৰুৱা, ৰূপম গগৈ, ৰাতুল শইকীয়া, বিভৱ হাজৰিকা, মনোজ চেত্ৰী, মমিন বৰা, নবীন দুৱৰা, ৰিতুমনি ফুকন, চিম্লী বৰুৱা আৰু মহেন্দ্ৰ দুৱৰা। ত্ৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা কৰ্মশালাখন বিয়লি ১ বজাত সামৰণি পৰে।