ইজিপ্তত ৪৫০০ বছৰ পুৰণি সূৰ্য মন্দিৰ আৱিষ্কাৰ

0 188

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ আগষ্ট : ইজিপ্ত ৰহস্যৰে আবৃত এখন দেশ। য’ত লুকাই আছে গোপন কথা আৰু ইতিহাস। ইয়াত ইতিহাসৰ পৃষ্ঠাবোৰ কেতিয়াও শেষ নহয়। যেনেদৰে পিৰামিডৰ ৰহস্য এতিয়াও শেষ হোৱা নাই। নতুনকৈ চাৰি হাজাৰ বছৰ পুৰণি এটা মন্দিৰক লৈ সৃষ্টি হৈছে এক নতুন ৰহস্য। পুৰাতত্ত্ববিদসকলে এই মন্দিৰটো আৱিষ্কাৰ কৰিছে। শেহতীয়াকৈ চৌদি আৰৱত ৮ হাজাৰ বছৰ পুৰণি এটা মন্দিৰ আৱিষ্কাৰ কৰা হৈছে। তাৰ পিছতে মিছৰৰ এই মন্দিৰে পুৰাতত্ত্ববিদসকলৰ উৎসাহ আৰু অধিক বৃদ্ধি কৰিছে। চৌদি আৰৱত ৮ হাজাৰ বছৰ পুৰণি ধৰ্মীয় স্থান আৰু মন্দিৰ আৱিষ্কাৰ কৰাৰ পিছত ইজিপ্তত ৪৫০০ বছৰ পুৰণি এটা মন্দিৰ উদ্ধাৰ কৰিছে পুৰাতত্ত্ব বিভাগে। অনুমানিকভাৱে ই এটা সূৰ্য মন্দিৰ। এই প্ৰাচীন মন্দিৰটো ৰাজধানী কায়ৰোৰ দক্ষিণে থকা আবুছিৰ অঞ্চলত পোৱা গৈছে। এটা সময়ত এই অঞ্চলৰ ৰজা আছিল নুইচেৰ। তেওঁৰ সময়ত এই মন্দিৰটো নিৰ্মাণ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়। ইজিপ্তৰ প্ৰাচীন আৰু পৰ্যটন মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে ই ইটালী আৰু পোলেণ্ড চৰকাৰৰ যৌথ প্ৰকল্প। এই প্ৰকল্পৰ অধীনত ৰজা নুচেৰৰ মন্দিৰৰ কাম কৰি থকা হৈছে। বিবৃতিটোত কোৱা হৈছে যে মন্দিৰৰ তলত এটা বোকা ইটাৰে সজা ঘৰো উদ্ধাৰ কৰা হৈছে। প্ৰত্নতাত্ত্বিকসকলে জনোৱা মতে, মন্দিৰৰ পৰা কিছু মাটিৰ পাত্ৰ উদ্ধাৰ কৰা হৈছে। যিবোৰ তেওঁলোকে পানীয়ৰ পাত্ৰৰ লগত তুলনা কৰিছে। এই পাত্ৰত পঞ্চম বংশৰ ৰজাৰ নাম পোৱা গৈছে। পঞ্চম বংশৰ ষষ্ঠ মিচৰৰ শাসক ষষ্ঠ ফাৰাৱে তেওঁৰ ৰাজত্বকালত মন্দিৰ ভৱনৰ কিছু অংশ ভাঙিছিল বুলি মন্ত্ৰালয়ক জনোৱা হৈছে। যাতে তেওঁ তাত নিজৰ মন্দিৰ নিৰ্মাণ কৰিব পাৰে। ইয়াৰ পূৰ্বে ইজিপ্তত কেইবাটাও মন্দিৰ পোৱা গৈছে। যোৱা বছৰো ভালেকেইটা সূৰ্য মন্দিৰ আৱিষ্কাৰ হৈছিল। বুৰঞ্জীবিদসকলৰ মতে মিছৰৰ মাটিৰ তলত এতিয়াও বহু গোপন কথা লুকাই আছে। ইয়াক বহুতে পঞ্চম সাম্ৰাজ্যৰ হেৰাই যোৱা চাৰিটা সূৰ্য মন্দিৰৰ ভিতৰত এটা বুলি বিশ্বাস কৰে। এই মন্দিৰৰ বিষয়ে বহু বুৰঞ্জী গ্ৰন্থত উল্লেখ আছে। ইজিপ্তৰ প্ৰথমটো সূৰ্য মন্দিৰ আৱিষ্কাৰ হৈছিল ১৯ শতিকাত। গৱেষকসকলে সূৰ্য মন্দিৰৰ পৰা প্ৰাচীন ইজিপ্তৰ বহু তথ্য লাভ কৰিছে। এতিয়ালৈকে মাত্ৰ ২ টা সূৰ্য মন্দিৰহে পোৱা গৈছে।

মন্তব্য দিয়ক

Your email address will not be published.