শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ মে’ : চাহ বাগিছাৰ শ্ৰমিক ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা ৰেচনৰ চাউলৰ নামত প্লাষ্টিক সদৃশ চাউল যোগান ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । অসম চাহ মজদুৰ সংঘৰ (এ চি এম এছ) কেন্দ্ৰীয় উপ-সভাপতি আৰু পানীতোলা শাখাৰ সম্পাদকৰ দায়িত্বত থকা চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে এক বিবৃতিত কয় যে যোৱা শনিবাৰে ডিব্ৰুগড়ৰ খাৰজান বাগিছাৰ শ্ৰমিকৰ মাজত প্লাষ্টিক সদৃশ চাউল বিতৰণ কৰা হৈছিল । এই সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীক এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰা হৈছে । ইফালে এই ঘটনাই খাৰজানৰ লগতে দাঁতিকাষৰীয়া বাগিছাৰ শ্ৰমিকসকলক শংকিত কৰি তুলিছে । উল্লেখ্য যে ভাৰতীয় খাদ্য নিগমৰ গোদামৰ পৰা বাগিছা অঞ্চললৈ বিনামূলীয়া চাউল যোগান ধৰা হয় । শ্ৰমিকলৈ বুলি যোগান ধৰা বিনামূলীয়া ৰেচন চাউলত খাদ্য নিগমৰ গোদামতে প্লাষ্টিক সদৃশ চাউল মিহলি কৰা হয় নে ঠিকাদাৰে বাহিৰত এই দুষ্কাৰ্য সংঘটিত কৰে নে চাউল য’ৰ পৰা পেকেটিং হৈ আহে তাতে ভেজাল কৰা হয় এই সকলো দিশ সামৰি শীঘ্ৰে এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণাৰ বাবে এ চি এম এছৰ নেতা চাহুৱে বিবৃতিটোত চৰকাৰক দাবী জনায় । লক্ষ্যণীয় কথা যে এফ আৰ কে চাউল সাধাৰণ চাউলত মিহলোৱাৰ এক আঁচনি চৰকাৰে লৈছে যদিও এই সন্দৰ্ভত সবিশেষ জানিব পৰা হোৱা নাই।