উদ্যমিতাক জনপ্ৰিয়কৰণ কৰা প্রফুল্ল কুমাৰ শ‍ইকীয়া আৰু তেখেতৰ কিতাপৰ বিষয়ে

0 346

ড° বুলজিৎ বুঢ়াগোহাঁই

অসমত উদ্যমিতাক জনপ্ৰিয়কৰণৰ বাবে কাম কৰা সকলৰ ভিতৰত এজন হ’ল – প্রফুল্ল কুমাৰ শ‍ইকীয়া (ই-মেইল: prafullakrsaikia@gmail.com, ফোন: ৯৪৩৫০১৫২০৭)। তেখেতে উদ্যোগ আৰু বাণিজ্য আয়ুক্ত কাৰ্যালয়ৰ পৰা অতিৰিক্ত সঞ্চালক হিচাবে ৩১ মার্চ, ২০১৮ তাৰিখে অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পাছত চৰকাৰে পুনৰ ডেৰ বছৰৰ বাবে উদ্যোগ আৰু বাণিজ্য বিভাগত বিশেষ কর্তব্যৰত বিষয়া হিচাবে নিযুক্তি দিয়ে । ১৯৮২ চনৰ চেপ্তেম্বৰ মাহত সহকাৰী পৰিচালক হিচাবে কামৰূপ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত যোগদানেৰে কৰ্মজীৱনৰ পাতনি মেলে। কাৰ্যকালত সুদীর্ঘ কাল উপ-সঞ্চালক হিচাবে মুখ্য কাৰ্য্যালয়ত, নেডফিত উপ-মহাপ্রবন্ধক আৰু মহাপ্রবন্ধক হিচাবে দুবাৰকৈ ডেপুটেচন, অসম আন্তঃগাঁথনি উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক, ফুড মিছনৰ সঞ্চালক, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহা পৰিচালক হিচাবে তিনিচুকীয়া আৰু দৰং জিলাতো সেৱা আগবঢ়ায়। ১৯৯২ আৰু ২০০৮ চনত সতীৰ্থ সকলৰ সহযোগত অসমত পোন প্ৰথমবাৰৰ বাবে “মৰাপাটৰ ভিন্নকৰণ” আৰু “পানী মেটেকা” ভিত্তিক কাম-কাজ অসমত আৰম্ভ কৰে।

   কামত নিপুন বুলি পৰিচিত প্রফুল্ল কুমাৰ শ‍ইকীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম। বিভাগৰ পৰিচালন আৰু নীতি নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত বিশেষ পাৰ্গত বুলি সুখ্যাতি তথা শইকীয়াই অসমীয়া ভাষাত ১৯৯০ চনত “পদক্ষেপ” আৰু ১৯৯২ চনত “বিত্তৰ অন্বেষণ”,এই দুয়োখন কিতাপ বিভাগীয় ভাৱে প্ৰকাশ কৰে । ২০০৫ চনত চৰকাৰৰ অনুমতি সাপেক্ষে “স্বনিয়োজন” নামৰ আন এখন কিতাপো প্রকাশ কৰে। তেখেতে ১৯৮৮ চনৰে পৰা ১৯৯২ চনলৈকে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদি বিভিন্ন আলোচনাত ভাগ লোৱাৰ লগতে “অনাতাঁৰ উদ্যোগ শিক্ষা পাঠ” পৰিচালনা কৰিছিল।

    তেখেতৰ আন তিনিখন কিতাপ হ’ল – কিবা এটা কৰিব পৰা হ’লে… ( প্রথম প্রকাশ -অক্টোবৰ, ২০১৯) , Our Stories, Our Entrepreneurs, Our Pride ( প্রথম প্রকাশ- মাৰ্চ, ২০২১) আৰু Entrepreneurs Handbook ( প্রথম প্রকাশ- জুন ২০২১) এই কিতাপ কেইখনৰ প্রকাশক হ’ল – এছ এছ গ্রাফিক্স (www.ssgpress.co.in) ।

‘কিবা এটা কৰিব পৰা হ’লে…’ নামৰ কিতাপখন হ’ল ক্ষুদ্র উদ্যোগীসকলৰ সফল কাহিনী তথা কৃষিকে ধৰি বিভিন্ন ব্যৱসায়ৰ বাবে লাগতীয়াল তথ্য আছে ।

‘Our Stories, Our Entrepreneurs, Our Pride’ নামৰ কিতাপখনৰ প্রথম খণ্ডত মণিপুৰৰ দুজনকে ধৰি ১৫৮জন উদ্যোগীৰ বিষয়ে তথ্য আছে আৰু পৰৱৰ্তী দুটা খণ্ডত আৰু ৩৫০জন উদ্যোগীক সামৰি লোৱা হ’ব বুলি কিতাপখনৰ আগকথাত উল্লেখ কৰিছে। কিতাপখনত উদ্যোগীসকলৰ সংগ্ৰাম, নিষ্ঠা আৰু নিজ নিজ ক্ষেত্ৰত সফলতাৰ কথা আছে ।

‘Entrepreneurs Handbook’ নামৰ কিতাপখন হ’ল যিকোনো এটা উদ্যোগ স্থাপন কৰিব বিচৰা সময়ত উদ্যোগীসকলৰ বাবে উপযোগী সকলো নীতি, আইন, নিয়মৰ সংকলন।

     প্রফুল্ল কুমাৰ শ‍ইকীয়াৰ পুথিসমূহ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পুথিভঁড়াল লগতে বিভিন্ন পুথিভঁৰাল (ক্লাৱ/গাওঁ/মহকুমা/জিলা/ৰাজ্যিক আদি)ত সংৰক্ষণ কৰি ৰাখিলে ছাত্র-ছাত্রী লগতে সকলোৰে উপকৃত হ’ব। উদ্যমিতা বিষয়ক পুথি প্রণয়ন কৰা বাবে প্রফুল্ল কুমাৰ শ‍ইকীয়াদেৱক ধন্যবাদ জনাইছো লগতে আশা কৰিছো ভৱিষ্যতে এনেধৰণৰ আৰু পুথি প্রণয়ন কৰিব। তেখেতৰ পুথিসমূহে উদ্যোগত সফলতা লাভত বিশেষ ভাবে সহায় কৰিব আৰু এই পুথিবোৰৰ পৰা জ্ঞান আহৰণ কৰি ইয়াক প্রয়োগ কৰিলে আমাৰ ৰাজ্যখনৰ নিবনুৱা সমস্যা অলপ হ’লেও কমিব বুলি আশা কৰিব পাৰি । শেষত, আশা কৰিছো প্রফুল্ল কুমাৰ শ‍ইকীয়াৰ বিভিন্ন দিশ আলোকপাত কৰি এখন অভিনন্দন গ্রন্থ প্রকাশ কৰিবলৈ কোনো অনুষ্ঠান-প্রতিষ্ঠান বা দল-সংগঠন আগবাঢ়ি আহিব।

ঠিকনাঃ আজাৰা , গুৱাহাটী -৭৮১০১৭

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

মন্তব্য দিয়ক

Your email address will not be published.