শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ ছেপ্টেম্বৰ : নিজৰ এগৰাকী ঘনিষ্ঠ আত্মীয় নাবালিকাৰ উপৰি আন এগৰাকী নাবালিকাক যৌন উৎপীড়ন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হোৱা তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ নাজিৰ বিভাগৰ কৰ্মচাৰী ৱাজিদ হুছেইনৰ পক্ষ লৈ ভুক্তভোগীক নানা প্ৰলোভনেৰে বুজনি দিবলৈ গৈ আৰক্ষীৰ হাতত বন্দী হোৱা তিনিচুকীয়া জিলা কংগ্ৰেছৰ উপ-সভাপতি মিৰ আখতাৰ হুছেইনক দলৰ পৰা নিলম্বন কৰা হৈছে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশমৰ্মে তিনিচুকীয়া জিলা কংগ্ৰেছৰ উপ-সভাপতি মিৰ আখতাৰ হুছেইনক দলৰ পৰা তৎকালে নিলম্বন কৰা বুলি দলৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈৰ দ্বাৰা স্বাক্ষৰিত নিৰ্দেশত প্ৰকাশ ৷ অৱশ্যে কি কাৰণে হুছেইনক নিলম্বন কৰা হৈছে সেইবিষয়ে উল্লেখ কৰা হোৱা নাই ৷ প্ৰণিধানযোগ্য পকছ’ আইনৰ উপৰি ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত তিনিচুকীয়া সদৰ থানাত গোচৰ ৰুজু হোৱা তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ নাজিৰ বিভাগৰ কৰ্মচাৰী ৱাজিদ হুছেইনে শুকুৰবাৰে দ্বিতীয় পত্নীসহ তিনিচুকীয়া সদৰ থানাত আত্মসমৰ্পণ কৰে ৷ অভিযোগ উত্থাপিত হোৱাৰ পাছতে ২৩ আগষ্টৰ পৰা কৰ্তব্যত অনুপস্থিত থকা ৱাজিদ হুছেইনক আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাননী জাৰি কৰাৰ পাছতো উক্ত জাননীৰ প্ৰতি সঁহাৰি নিদিয়াৰ বাবে ইতিমধ্যে বৃহস্পতিবাৰে জিলা আয়ুক্তই তেওঁক নিলম্বনৰ নিৰ্দেশ জাৰি কৰে ৷ পত্নীসহ ৱাজিদ হুছেইনে আত্মসমৰ্পণ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা বুলি কয় ৷ আৰক্ষীয়ে তেওঁলোকক বিশেষ পকছ’ আদালতত হাজিৰ কৰি ৱাজিদ হুছেইনক তিনিদিনৰ বাবে জিম্মাত লোৱাৰ বিপৰীতে তেওঁৰ পত্নীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ৷