একৰিট একাডেমিৰ ১৪ সংখ্যক বাৰ্ষিক অধিৱেশন

0 105

শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ,২১ জানুৱাৰী: বেচৰকাৰী সংস্থা প্ৰথম এখোজৰ পৰিচালনাত চলি থকা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ বিদ্যালয় একৰিট একাডেমিৰ ১৪ সংখ্যক বাৰ্ষিক খেল সপ্তাহ, অভিভাৱক সন্মিলন আৰু বাৰ্ষিক অধিৱেশনখনি আজি আড়ম্বৰপূৰ্ণভাৱে সম্পন্ন হৈ যায়। যোৱা ১৭ জানুৱাৰীৰ পৰা চলি থকা খেল সপ্তাহৰ পিছত আজি অনুষ্ঠিত মুকলি সভাখন অভিভাৱিকাসকলৰ দ্বাৰা পৰিৱেশিত এটি দিহানামেৰে আৰম্ভ হয়। অধিৱেশনখনি উদ্বোধন কৰে পৰিচালন সঞ্চালক ৰাজীৱ গগৈয়ে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বীৰেণ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত মূল সভাখনত বক্তব্য ৰাখে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক তথা অধ্যাপক দেৱপল্লৱ ৰাজখোৱাই অনুপ্ৰেৰণমূলক বক্তব্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলক সপোনপায়ী হ’বলৈ অনুৰোধ কৰে। তেওঁ কয়- সপোন সেইটো হোৱা উচিত যি সপোনে টোপনি যাবলৈ নিদিয়ে। পিছলাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গুনীন্দ্ৰ বৰা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক পৰশ গোস্বামীযেও সাৰগৰ্ভ বক্তব্যৰে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰে। ছাত্ৰ-ছাত্ৰীৰসকলৰ দ্বাৰা পৰিৱেশিত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে বাংময় হৈ পৰা সভাখনত অভিভাৱক অভিভাৱিকাসকলৰ উপস্থিতি আছিল লক্ষণীয়। ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নৃত্য-গীত পৰিৱেশন কৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানো ৰূপায়িত কৰা হয় ।প্ৰথম এখোজৰ সভাপতি মুকুন্দ্ৰ মুৰাৰী চেতিয়া আৰু অধ্যক্ষ পংকজ ফুকনে আঁত ধৰা মূল সভাখনতেই মানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বীৰেণ চেতিয়াৰ বক্তব্যৰ পিছতেই জাতীয় সংগীতেৰে সভাখন সামৰণি মৰা হয়। আনহাতে সন্ধ্যা ৬বজাৰপৰা ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা মহাৰাস অভিনীত হ’ব বুলি জানিব পৰা গৈছে।

মন্তব্য দিয়ক

Your email address will not be published.