এক বৃক্ষ দশ পুত্ৰৰ সমান : গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত এগৰাকী ব্যতিক্ৰমী বনকৰ্মী

0 200

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ২০ এপ্ৰিলঃ ‘এক বৃক্ষ দশপুত্ৰৰ সমান’৷ এয়া ভাগৱতৰ বাণী ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজি আৰু আদৰ্শই যুগে যুগে অসমবাসীক অনুপ্ৰাণিত কৰি আহিছে ৷ গুৰুজনাই দি থৈ যোৱা বাণীক সৰোগত কৰি এজন বনকৰ্মীয়ে প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন দাঙি ধৰি আহিছে ৷ চহকী কৰাৰ চেষ্টা কৰিছে প্ৰাকৃতিক পৃথিৱীখনক ৷ আধ্যাত্মিক চিন্তা-চেতনাৰ মাজেৰে জীৱন জীয়াই থকা ত্ৰিগুণ তালুকদাৰ নামৰ বনকৰ্মীগৰাকীৰ জন্ম সূত্ৰে হোজাই যদিও বৰ্তমান কলিয়াবৰ বাসিন্দা। কৰ্মসূত্ৰে সম্প্ৰতি তেওঁ বাস কৰি আছে বিশ্বনাথৰ বিহালী সমষ্টিৰ বৰগাঙত ৷ মহাপুৰুষ গুৰুজনাই যিদৰে দক্ষিণপাৰৰ পৰা আহি উত্তৰ পাৰৰ গাংমৌ থানত প্ৰায় সাতটা বছৰ অতিবাহিত কৰিছিল, ঠিক সেইদৰে গুৰুজনাৰ আদৰ্শক প্ৰাধান্য দিয়া বনকৰ্মীগৰাকীয়েও গাংমৌ থানত সেৱা আগবঢ়োৱাৰ চেষ্টা কৰিছে ৷ বিগত ডেৰটা বছৰে বনকৰ্মীগৰাকীয়ে গাংমৌ থানৰ লগতে বিহালী সমষ্টিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত গছপুলি ৰোপন কৰি আহিছে ৷ অৱসৰলৈ মাজত মাত্ৰ তিনিটা বছৰ থকা বনকৰ্মীগৰাকী সম্প্ৰতি বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰিছে ৷ যাৰ বাবে সমাজখনত কিবা এটা চিন ৰাখি যোৱাৰ মানসেৰে ৰোপন কৰি আহিছে বকুলকে ধৰি বিভিন্ন গছপুলি ৷ বনকৰ্মীগৰাকীয়ে ভাবে- সন্তানহীনসকলেও গছপুলিৰ মাজতেই সন্তানৰ সুখ লাভ কৰিব পাৰে ৷ একোটা গছপুলি লালন-পালন কৰিয়েই দশপুত্ৰৰ গৌৰৱ লাভ কৰিব পাৰি ৷ লগতে তেওঁ কয় যে- যিসকল লোকে গছ কাটি তহিলং কৰে, তেওঁলোককো গছে ছাঁ দিয়ে । গতিকে গছপুলি ৰোপন কৰাৰ জৰিয়তে এখন সুন্দৰ পৃথিৱী কামনা কৰিছে জ্যেষ্ঠ বন কৰ্মীগৰাকীয়ে। বৰ্তমান বৰগাং বনাঞ্চলিক কাৰ্যালয়ত জ্যেষ্ঠ বন পালক এক কাৰ্যনিৰ্বাহ কৰি আই।

মন্তব্য দিয়ক

Your email address will not be published.