এতিয়াও সন্ধানহীন পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকা
উত্তৰকাশীৰ হিমস্খলনত মৃতকৰ সংখ্যা ১৯ লৈ বৃদ্ধি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ অক্টোবৰঃ উত্তৰকাশীত ব্যাপক হিমস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯জনলৈ বৃদ্ধি পাইছে। উক্ত ঘটনাৰ ৭০ ঘন্টা পাৰ হৈ যোৱাৰ পিছত এতিয়াও চলি আছে উদ্ধাৰ অভিযান। ৬ অক্টোবৰৰ নিশাৰ ভাগত আৰু তিনিটা মৃতদেহ উদ্ধাৰ কৰা হয় যদিও এতিয়াও সন্ধানহীন হৈ আছে কেইবাজনো লোক। সন্ধানহীনসকলৰ তালিকাত আছে অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকাৰো নাম। এইসকল সন্ধানহীন পৰ্বতাৰোহীক উদ্ধাৰৰ বাবে সন্ধান অব্যাহত ৰখা বুলি উল্লেখ কৰিছে নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনৰিঙে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্রীয়েও গোটেই বিষয়টো নিৰীক্ষণ কৰি আছে৷ কিন্তু পৰিস্থিতি ইমানেই ভয়াৱহ যে উদ্ধাৰকাৰী দলে কাম কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ লগত মোকাবিলা কৰিবলগীয়া হৈছে। অৱশ্যে ইতিমধ্যে ভাৰতীয় বায়ুসেনাও এই উদ্ধাৰ অভিযানত নামিছে। ইতিমধ্যে বাহিনীৰ কেইবাখনো হেলিকপ্টাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। জানিব পৰা মতে, উত্তৰাখণ্ডৰ হৰ্চিলৰ পৰা এই দুখন কপ্টাৰে উদ্ধাৰ অভিযান চলাই আছে। যোৱা ৪ অক্টোবৰ মঙলবাৰে সংঘটিত হৈছে এই দুৰ্ঘটনা। উত্তৰাখণ্ডৰ গড়ৱাল হিমালয়ৰ দ্ৰৌপদী-কা-ডাণ্ডা পিক-২ত পৰ্বতাৰোহণৰ বাবে প্ৰশিক্ষণ লৈ আছিল এইসকল পৰ্বতাৰোহীয়ে। নেহৰু পৰ্বতাৰোহণ প্ৰতিষ্ঠানৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই প্ৰশিক্ষণ শিবিৰ। তাত প্ৰায় ৩৮ গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লৈ আছিল। সেই সময়ত হঠাতে হিমস্খলন হৈছিল। প্ৰায় ৮:৪৫ বজাত হিমস্খলন আৰম্ভ হয়। প্ৰশিক্ষাৰ্থীসকল এই হিম স্খলনৰ কবলত পৰে। তাৰ পিছৰ পৰাই আৰম্ভ হৈছিল অনুসন্ধান। ঘটনা সংঘটিত হোৱাৰ দিনা ১০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল। স্থানীয় সূত্ৰমতে, ইটোৰ পিছত সিটোকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু এই সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল। জানিব পৰা মতে, এতিয়ালৈকে কমেও আৰু ১০ জন লোক সন্ধানহীন হৈ আছে। উত্তৰাখণ্ডৰ ডিজিপি অশোক কুমাৰে সংবাদ মাধ্যমৰ আগত কয় যে এই ভয়ংকৰ দুৰ্যোগৰ পিছত এতিয়ালৈকে মুঠ ১৯টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে বৰ্তমান কমেও ৩০টা উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে। কেৱল এয়াই নহয়, অত্যাধুনিক চিতা হেলিকপ্টাৰৰ সহায়ত মৃতদেহকেইটা এটাৰ পিছত এটাকৈ মাটলী হেলিপেডলৈ অনা হৈছে বুলি ডিজিপি অশোক কুমাৰে জানিবলৈ দিয়ে। কিন্তু উদ্ধাৰকাৰী দলটোৱে ১৩,৬০০ ফুট উচ্চতাৰ পৰা মৃতদেহবোৰ আনিবলৈ প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলগা হৈছে। মুখ্যমন্ত্রীৰ কার্যালয়ে সমগ্র উদ্ধাৰ কার্য তদাৰক কৰি আছে৷ এন ডি আৰ এফ, এছ ডি আৰ এফ, আই টি বি পি, ভাৰতীয় সেনা আৰু স্থানীয় জিলা প্ৰশাসনে একেলগে উদ্ধাৰ অভিযান চলাই আছে।