শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তে এই পৰ্যন্ত প্ৰকল্পস্থলীত ভূমিস্খলন হৈয়ে আছে৷ গেৰুকামুখ পাহাৰৰ ভূমিস্খলনৰ ফলত পূৰ্বে বন্ধ হৈ পৰা ১নং ডাইভাৰ্চন টাৰ্নেলৰ ইনলেট আজি নিজে নিজে মুকলি হৈ পূৰ্বৰ সুংৰগটো ওলাই পৰে৷ উল্লেখ্য যে পূৰ্বে গেৰুকামুখত পাহাৰ খহি এই ১নং ডাইভাৰ্চন টাৰ্নেলটো বন্ধ হৈ পৰিছিল৷ দীৰ্ঘদিনধৰি বন্ধ হৈ থকা টাৰ্নেলৰ সন্মুখ ভাগ আজি হঠাতে মুকলি হৈ পৰাত পূৰ্বৰ সুৰংগটো ওলাই পৰে৷ উল্লেখনীয় কথা যে বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ ৫টা ডাইভাৰ্চন টাৰ্নেলৰ ভিতৰত ৩টা ডাইভাৰ্চন টাৰ্নেল পাহাৰৰ ভূমিস্খলনত হৈ বন্ধ হৈ পৰাৰ পিছত ৫নং ডাইভাৰ্চন টাৰ্নেলটোহে সম্প্ৰতি কাৰ্যক্ষম হৈ আছে৷ ১নং ডাইভাৰ্চন টাৰ্নেলটো দীৰ্ঘদিন বন্ধ হৈ থকাৰ পিছত আজি পাহাৰৰ ভূমিস্খলন হৈ টাৰ্নেলৰ সন্মুখেৰে মাটিসমূহ গেৰুকামুখ নদীত পৰাৰ ফলতে আজি টাৰ্নেলটোৰ সন্মুখ ভাগ মুকলি হোৱাৰ লগে লগে ১নং টাৰ্নেলটো মুক্ত হৈ পৰে৷ ফলত বহুতেই এই স্থানত নতুন সুৰংগৰ সৃষ্টি হোৱা বুলি ভীতিগ্ৰস্ত হৈ পৰিছে৷