এমাহৰ বিদ্যুৎ মাছুল ৩০০০ কোটিৰো অধিকঃ চিকিৎসালয়ত গৃহস্থ

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুলাই : বিদ্যুৎ বিভাগৰ খেলিমেলিৰ বাবে আমাৰ বিদ্যুতৰ বিল কেতিয়াবা ভুল হয়। কিন্তু এমাহৰ বাকী থকা বিল ৩ হাজাৰ কোটি! কেৱল সেয়াই নহয়, বিলৰ এই পৰিমাণ দেখি অসুস্থ হৈ পৰিল গৃহস্থ। মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ শিৱ বিহাৰ কলনী অঞ্চলৰ এটা পৰিয়ালৰ ক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা। প্ৰিয়ংকা গুপ্তাৰ নামত আহিছিল বিলখন। কিছুদিন পূৰ্বে তেওঁলোকে জুলাই মাহৰ বিদ্যুতৰ বিল লাভ কৰিছিল। দেখা যায় যে বাকী থকা বিলৰ পৰিমাণ হৈছে ৩৪১৯ কোটি। এই বিশাল বিলখন দেখি অসুস্থ হৈ পৰিল প্ৰিয়ংকা গুপ্তা। এই বিষয়ে প্ৰিয়ংকাৰ স্বামী সঞ্জীৱে ৰাজ্যৰ বিদ্যুৎ বিভাগলৈ গৈ অভিযোগ কৰে। তেতিয়াহে নতুন সংশোধিত বিধেয়কখন প্ৰেৰণ কৰা হয়। য’ত দেখা গ’ল যে চলিত মাহত তেওঁলোকৰ বিল আছিল মাত্ৰ ১৩০০ টকা। বিদ্যুৎ বিতৰণ কোম্পানীটোৰ জেনেৰেল মেনেজাৰ নীতিন মাংলিকে স্বীকাৰ কৰে যে তেওঁলোকৰ কৰ্মচাৰীৰ ভুলৰ বাবে এক বৃহৎ বিল প্ৰেৰণ কৰা হৈছিল। তেওঁ কয়— ‘’বিল প্রস্তুত কৰি থাকোঁতে এজন কৰ্মচাৰীয়ে ভুলতে ইউনিট খৰচৰ সলনি কনজিউমাৰ নম্বৰ লগাই দিলে। যাৰ বাবে ধনৰ পৰিমাণ সেই পৰিমাণত উপনীত হয়। পিছত পৰিয়ালটোলৈ ১৩০০ টকাৰ বিল প্ৰেৰণ কৰা হয়।”

মন্তব্য দিয়ক

Your email address will not be published.