কবিতাৰ ঠিকনা

0 25

কবিতাৰ ঠিকনা

নেত্ৰকমল সন্দিকৈ

শব্দ বৰ্ণৰে ভৰা
এখন পৃথিৱী
যাৰ বুকুত বিৰামহীন ঠিকনা
সময়ৰ গতিশীলতাই
উৰ্বৰ কৰে কবিতাক
জীপাল কৰে সমাজ সভ্যতাক।

কেতিয়াবা মনে প্ৰশ্ন কৰে,
কবিতানো কাৰ বাবে?

প্ৰিয়জনৰ পৰা দুখীজনলৈকে
নদীৰ পৰা পাহাৰ আদিলৈকে
কবিতাই সকলোকে যেন
আৱৰি ৰাখে অজানিতে..

আমি নজনাকৈয়ে।

কাব্যিক শিল্পই নাঙঠ সমাজৰ
লাজ ঢাকিব পাৰে
কেতিয়াবা অন্যায় অবিচাৰৰো
মূৰ্ত প্ৰকাশ ঘটাব পাৰে !

কবিতা কেতিয়াবা
শান্তিৰ প্ৰতীকো হ’ব পাৰে
কেতিয়াবা আকৌ ধ্বংসৰ দাবানল।

সৃষ্টিৰ চেতনাই ধুৱাই নিলে
কবিতাবোৰ কবিতা হয়

মাটি আৰু মানুহৰ বাবে
আৰু
চিৰদিন জিলিকি ৰয়
স্বাৰ্থহীন নিৰ্মোহ ভাস্কৰ্য হৈ।

ফোন-৮০১১০৭০২৯০

মন্তব্য দিয়ক

Your email address will not be published.