কাশীৰ পৰা নদীপথেৰে ডিব্ৰুগড়লৈ দীৰ্ঘতম প্ৰমোদ ভ্ৰমণ

যাত্ৰাপথে সামৰিব ৩২০০ কিলোমিটাৰ

0 35

শতাব্দ পৰ্যটন প্ৰতিবেদক, ৩ জানুৱাৰীঃ সুদূৰ কাশীৰ পৰা নদীপথেৰে পশ্চিমবংগ- ঢাকা হৈ ডিব্ৰুগড়লৈ প্ৰমোদ ভ্ৰমণ ! ৩২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশ্বৰ আটাইতকৈ দীঘল জলপথ অতিক্ৰম কৰিব এই প্ৰমোদ তৰীয়ে। এই দীৰ্ঘ যাত্ৰাকালত জাহাজখনে যাত্ৰী আৰু পৰ্যটকক মুঠ ৫০টা পৰ্যটন কেন্দ্ৰ দৰ্শন কৰাব। এই ভ্ৰমণ ৪৮/৪৯ দিনীয়া হব বুলি জানিব পৰা গৈছে। যাত্ৰাত গংগা-হুগলী-ব্ৰহ্মপুত্ৰকে ধৰি মুঠ ২৭খন নদী জাহাজখনে পাৰ হ’ব। এই দীঘলীয়া ভ্ৰমণৰ আৰম্ভণি হ’ব বাৰাণসীৰ গংগা আৰতিৰ পৰা। পশ্চিমবংগ হৈ বাংলাদেশত প্ৰৱেশ কৰি সুন্দৰবনৰ জল-বনাঞ্চল ভ্ৰমণ কৰি ঢাকা চহৰকে ধৰি কেইবাটাও আকৰ্ষণীয় আৰু ঐতিহাসিক স্থান এই মেগা ভ্ৰমণত পৰিকল্পনা কৰা হৈছে। অসমৰ গুৱাহাটী, তেজপুৰ, মাজুলী হৈ ডিব্ৰুগড়ত যাত্ৰা অন্ত পৰাৰ কথা। অহা ১৩ জানুৱাৰীত বাৰাণসী ঘাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰমোদ যাত্ৰা উদ্বোধন কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.