কুসুম কুমাৰ মহন্ত,তাৰানাথ মহন্ত আৰু জীতেন প্ৰধানীৰ বিৰুদ্ধে শোণিতপুৰ,লখিমপুৰ,গোলাঘাট,বোকাখাত,গোৱালপাৰাকে ধৰি দহখন জিলাত থানাত গোচৰ তৰিলে সদৌ অসম সত্ৰ মহাসভা”ই

0 31

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৫ আগষ্টঃ ৰাজ্যৰ ১২শ খন সত্ৰ আৰু চাৰি হেজাৰ নামঘৰৰ উমৈহতীয়া সংগঠন “সদৌ অসম সত্ৰ মহাসভা”ৰ সভাপতি তথা মাজুলীৰ শ্ৰীশ্ৰী গড়মূৰ সৰুসত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামী,”সদৌ অসম সত্ৰ মহাসভা”ৰ প্ৰধান সম্পাদক তথা নগাঁও জিলাৰ শ্ৰীশ্ৰীজগৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীৰ বিৰুদ্ধে আৰু “সদৌ অসম সত্ৰ মহাসভা”ৰ বিৰুদ্ধে কেতবোৰ মনেসজা,কাল্পনিক কথাৰে,কটু মন্তব্যৰে, অসামাজিক বাক্য প্ৰয়োগ কৰি অপপ্ৰচাৰ চলাই “সদৌ অসম সত্ৰ মহাসভা”ৰ সভাপতি, প্ৰধান সম্পাদকৰ লগতে “সদৌ অসম সত্ৰ মহাসভা”ক জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে অসম সত্ৰ মহাসভা নামৰ সংগঠনটোৰ সভাপতি ধুবুৰীৰ জিতেন্দ্ৰনাথ প্ৰধানী, প্ৰধান সম্পাদক গুৱাহাটীৰ ভেটাপাৰাৰ কুসুম কুমাৰ মহন্ত আৰু মুখপাত্ৰ বিশ্বনাথ চাৰিআলিৰ কোচগাঁৱৰ তাৰানাথ মহন্তৰ বিৰুদ্ধে আজি “সদৌ অসম সত্ৰ মহাসভা”ৰ শোণিতপুৰ জিলা সমিতি, লখিমপুৰ, গোলাঘাট, বোকাখাত, গোৱালপাৰা জিলা সমিতিকে ধৰি দহখন জিলা সমিতিয়ে সংশ্লিষ্ট জিলাৰ আৰক্ষী থানাত গোচৰ তৰে ।আজি এই বিষয়ে এক বিবৃতিত উল্লেখ কৰা হৈছে৷অভিযোগ অনুসৰি, আজি কিছুদিন ধৰি কুসুম কুমাৰ মহন্ত,জিতেন্দ্ৰনাথ প্ৰধানী আৰু তাৰানাথ মহন্তই “সদৌ অসম সত্ৰ মহাসভা”ৰ সভাপতি, সত্ৰাধিকাৰ হৰিদেৱ গোস্বামী প্ৰধান সম্পাদক,সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীৰ বিৰুদ্ধে তথা “সদৌ অসম সত্ৰ মহাসভা”ৰ বিৰুদ্ধে একাংশ সংবাদমাধ্যম আৰু সামাজিক মাধ্যমত অপপ্ৰচাৰ চলাই আহিছিল। বিষয়টো “সদৌ অসম সত্ৰ মহাসভা”ৰ কেন্দ্ৰীয কাৰ্যনিৰ্বাহক সভাত পুংখানুপুংখভাৱে আলোচনা কৰি তেওঁলোক তিনিওজনৰ বিৰুদ্ধে অসমৰ প্ৰতিখন জিলাতে জিলা সমিতি সমূহে নিজস্বভাবে আৰক্ষী থানা আৰু আদালতত গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই সিদ্ধান্ত মৰ্মেই আজি শোণিতপুৰ জিলা সমিতিয়ে ঢেকিয়াজুলি আৰক্ষী থানাত তিনিওৰে বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত গোচৰ তৰে । উল্লেখ্য যে, শোণিতপুৰৰ ঢেকিয়াজুলিৰ উপৰিও লখিমপুৰ, বোকাখাত, গোলাঘাট, গোৱালপাৰা আদিকে ধৰি দহখন জিলাৰ আৰক্ষী থানাত “সদৌ অসম সত্ৰ মহাসভা”ৰ জিলা সমিতি সমূহে উল্লেখিত তিনিজনৰ বিৰুদ্ধে গোচৰ তৰে বুলিও প্ৰকাশ কৰা হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.