শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ মে’ : ব্লেক হল বা কৃষ্ণ গহ্বৰ সম্পর্কে আমি বহু কথাই শুনিছোঁ। এইবাৰ সেই ব্লেক হলৰ পৰা বাহিৰ হৈ অহা অদ্ভূত আৰু ভয় খুৱাব পৰাৰ দৰে শব্দ শুনালে নাছাৰ বিজ্ঞানীসকলে। ব্লেক হলৰ পৰা চিটিকি অহা চাপৰ তৰঙ্গক শব্দ তৰঙ্গলৈ পৰিণত কৰি সেয়া ৰেকর্ড কৰিছে নাছাৰ বিজ্ঞানীসকলে। এই সপ্তাহত সেই শব্দ মুকলি কৰা হৈছে নাছাৰ তৰফৰ পৰা। নাছাই কৈছে— “সাধাৰণভাৱে অনুমান কৰা হয় মহাশূন্যত কোনো শব্দ নাই। কাৰণ সেয়া বায়ুশূন্য। আৰু বায়ুশূন্য স্থানেৰে শব্দ চলাচল কৰিব নোৱাৰে। কিন্তু একোটা গেলেক্সি ক্লাষ্টাৰৰ মাধ্যমেৰে গেলেক্সিসমূহে গেছ নির্গমন কৰি থাকে। ইয়াৰ ফলতেই শব্দ চলাচলৰ এক মাধ্যম সৃষ্টি হয়।” নাছাই ব্লেক হলৰ যি শব্দ ৰিলিজ কৰিছে সেয়া প্ৰকৃত শব্দতকৈ অনেক গুণ বেছি। আপুনিও শুনিব পাৰে এই শব্দ। তলত দিয়া হ’ল তাৰেই লিংক।
https://youtu.be/ioR5np1fmEc
পূৰ্বৱৰ্তী লেখা