কেন্দ্ৰক কঠোৰ সকীয়নি বিশিষ্ট ৰে’ল শ্ৰমিক নেতা আশিস বিশ্বাসৰ

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ জুলাই : ‘ৰে’ল শ্ৰমিকৰ ন্যায্য প্ৰাপ্য আদায়ৰ ঐতিহাসিক আন্দোলনৰ জৰিয়তে অল ইণ্ডিয়া ৰেলৱেমেনছ্‌ ফেডাৰেচনে যুগান্তকাৰী ইতিহাস সৃষ্টি কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে নতুন পেঞ্চন নীতি বাতিল নকৰিলে আকৌ ১৯৬৮ আৰু ১৯৭৪ চনৰ‌ দৰে নতুন ইতিহাসৰ সূচনা কৰিবলৈ সাজু হৈছে অল ইণ্ডিয়া ৰেলৱেমেনছ্‌ ফেডাৰেচন ৷’ প্ৰতিবাদৰ ভাষা বুজি নোপোৱা কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সকীয়নি দি আজি এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ লিডু শাখাৰ ২৬ সংখ্যক বাৰ্ষিক অধিবেশনত মুখ্য অতিথিৰূপে উপস্থিত থাকি এইদৰে কয় দেশৰ বিশিষ্ট ৰে’ল শ্ৰমিক নেতা অল ইণ্ডিয়া ৰেলৱেমেনছ্‌ ফেডাৰেচনৰ সহকাৰী সাধাৰণ সম্পাদক তথা এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আশীষ বিশ্বাসে । তেওঁ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন বাহাল কৰাৰ দাবীত ১০ আগষ্টত এন জে চি এ‌ৰ আহ্বানক্ৰমে সংসদ ভৱন ঘেৰাও কাৰ্যসূচী সফল কৰি তোলাৰ অৰ্থে দলেবলে যোগদান কৰিবলৈ সকলো ৰে’ল শ্ৰমিকক আহ্বান জনায় । শাখা সভাপতি যীশুৰাম সোণোৱালৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মুকলি সভাত মজদুৰ ইউনিয়নৰ অন্যতম কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক পুলক গগৈয়ে দেশৰ আন আন লাভজনক শিল্প আৰু সম্পদসমূহৰ দৰে ভাৰতীয় ৰে’ল শিল্পটোক কৰ্পৰেট খণ্ডৰ হাতত এপদ এপদকৈ গতাই যোৱা কেন্দ্ৰৰ জনবিৰোধী নীতিৰ লগতে আন আন হঠকাৰী নীতি সমূহক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ সভাত ইউনিয়নৰ কেন্দ্ৰীয় উপ-সভাপতি দিবাকৰ বৰুৱাই কয় যে ৰে’ল শ্ৰমিকসকলৰ হকে একমাত্ৰ মজদুৰ ইউনিয়নে সদায় সংগ্ৰাম কৰি আহিছে ৷ গতিকে সকলো ৰে’ল শ্ৰমিককে মাৰ বান্ধি থাকিবলৈ তেওঁ আহ্বান জনায়৷ ৱৰ্কশ্বপ, মৰিয়নি আৰু তিনিচুকীয়া শাখাৰ সম্পাদকসকল উপস্থিত থকা সভাত শাখা সম্পাদক পিঙ্কুমণি খাউণ্ডৰ বিপ্লৱী কবিতা আবৃত্তিয়ে প্ৰতিনিধিসকলক আপ্লুত কৰে । ইয়াৰ পূৰ্বে ইতিহাস প্ৰসিদ্ধ লিডু শাখাৰ বাৰ্ষিক অধিবেশনৰ কাৰ্যসূচী অনুসৰি পুৱা ইউনিয়নৰ পতাকা উত্তোলন কৰে শাখা সভাপতি যীশুৰাম সোণোৱালে। প্ৰতিনিধি সভাত বিগত বৰ্ষৰ সম্পাদকীয় প্ৰতিবেদন দাখিল কৰে শাখা সম্পাদক গোপীনাথ সোণোৱালে ৷ আনহাতে হিচাপ দাখিল কৰে কোষাধ্যক্ষ গৌতম প্ৰধানে ৷ বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত অধিবেশনতে পৰ্যবেক্ষকৰূপে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা দিবাকৰ বৰুৱা আৰু পুলক গগৈৰ উপস্থিতিত বিষয় বাছনি সভা অনুষ্ঠিত হয় । বিষয় বাছনি সভাত পুৰণি সমিতি ভঙ্গ কৰি পুনৰ গোপীনাথ সোণোৱালক সম্পাদক আৰু গৌতম প্ৰধানক কোষাধ্যক্ষ ৰূপে লৈ ১৫ জনীয়া নতুন কমিটি গঠন কৰা হয় ।

মন্তব্য দিয়ক

Your email address will not be published.