কেৰাটে চেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদক আৰু শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানেৰে তেজপুৰলৈ সুনাম

0 15

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৫ এপ্ৰিল : গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত যোৱা ১ এপ্রিল পৰা ৩ এপ্ৰিললৈকে অনুষ্ঠিত হোৱা “DEO HAH OPEN KARATE CHAMPIONSHIP 2023” ত তেজপুৰৰ বাম পৰ্বতীয়া কাৰাটে-ডু একাডেমীৰ আলোক ভৰদ্বাজে ছাব জুনিয়ৰ শাখাত সোণৰ পদক আৰু চফিকুল ৰহমানে চিনিয়ৰ পুৰুষৰ -৫৫ কি. গ্ৰা. শাখাত সোণৰ পদক অৰ্জন কৰি অঞ্চলটিৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উক্ত প্ৰতিযোগিতা খনিত “BEST OF THE BEST” ইভেন্টত চফিকুল ৰহমানে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় । বাম পৰ্বতীয়া কাৰাটে-ডু একাডেমীৰ তৰফৰ পৰা দুয়োগৰাকী খেলুৱৈলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেজপুৰ জিলা ক্ৰীড়া সন্হাইও অভিনন্দন জ্ঞাপন কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.