ক্লাইম্বাথন ২০২৪’ লৈ অসমৰ একমাত্ৰ পৰ্বতাৰোহী ৰুবী বৰা

0 84

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ জুলাইঃ ভাৰতীয় পৰ্বতাৰোহণ সংস্থাই আয়োজন কৰা দুঃসাহসিক পৰ্বতাৰোহণৰ কাৰ্য্যসূচী ‘ক্লাইম্বাথন ২০২৪’ লৈ অসমৰ হৈ অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছে লখিমপুৰ জিলাৰ দেওতোলাৰ ৰুবী বৰাই। হিমাচল প্ৰদেশত অৱস্থিত ভাৰতৰ তৃতীয় বৃহৎ হিমবাহ বাৰা চিগৰি হিমবাহত হ’বলগীয়া প্ৰায় মাহেক জোৰা অভিযানটো ৩০ জুলাইৰ পৰা ২২ আগষ্টলৈ অনুষ্ঠিত হ’ব। ১ আগষ্টত দিল্লীস্থিত ভাৰতীয় পৰ্বতাৰোহণ সংস্থাৰ মুখ্য কাৰ্যালয়ত অনুস্থিত হ’বলগীয়া ফ্লেগ অফ কাৰ্য্যসূচীৰ পিছতে দলটো মানালীলৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে। দেশৰ কেইবাখনো ৰাজ্যৰ পৰা এগৰাকীকৈ মহিলা পৰ্বতাৰোহীয়ে বিশেষ অভিযানটোত অংশ গ্ৰহণ কৰিব। কেৱল মহিলাৰ দ্বাৰা আৰম্ভ হব লগীয়া অভিযানটোত মুঠ ২০ গৰাকীমান পৰ্বতাৰোহী নিৰ্বাচিত কৰা  হৈছে । অসমৰ পৰা নিৰ্বাচিত হোৱা ৰুবী বৰাই ইতিমধ্যে দেশৰ ভিন্ন প্ৰান্তৰ বহুকেইটা পৰ্বতাৰোহণ আৰু অভিযানত অংশ লৈ নিজকে এগৰাকী দক্ষ পৰ্বতাৰোহী হিচাপে পৰিচয় দাঙি ধৰিছে। ৰুবী এগৰাকী দুঃসাহসিক অভিযান কাহিনী লেখিকা হিচাপেও পৰিচিত। তেওঁ অসম পৰ্বতাৰোহণ সন্থাৰ এগৰাকী সক্ৰিয় সদস্য।

মন্তব্য দিয়ক

Your email address will not be published.