ক্ৰমে টুটি আহিছে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভঁৰাল

যুুুুুুুুুুুুুুুুুুদ্ধৰ পিছত ক্ৰমাগত অষ্টম সপ্তাহৰ বাবে দেশৰ বৈদেশিক মুদ্ৰাৰ পৰিমাণ হ্ৰাস

0 60

শতাব্দ বিশেষ প্ৰতিনিধি, ৭ মে’ : শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা মতে ২৯ এপ্ৰিল তাৰিখে অন্ত পৰা সপ্তাহটোত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভঁৰাল ২.৬৯৫ বিলিয়ন ডলাৰ হ্ৰাস হৈ ৫৯৭.৭২৮ বিলিয়ন ডলাৰ হৈছৈগৈ। বছৰটোত এই প্ৰথমবাৰৰ বাবে বৈদেশিক মুদ্ৰাৰ ভঁৰাল ৬০০ বিলিয়ন ডলাৰলৈ নিম্নগামী হৈছে। ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত এইবাৰকে ধৰি ক্ৰমাগত অষ্টম সপ্তাহৰ বাবে দেশখনৰ বৈদেশিক মুদ্ৰাৰ পৰিমাণ হ্ৰাস পাইছে। হ্ৰাসৰ মুঠ পৰিমাণ হ’ব প্ৰায় ৩৪ বিলিয়ন ডলাৰ বা ৫.৪ শতাংশ। ক্ৰমাগতভাৱে যুদ্ধৰ পাছৰ এই কেইমাহত মূলধনৰ বৰ্হিগমন আৰু ডলাৰৰ তুলনাত ভাৰতীয় টকা দুৰ্বল হৈ পৰাৰ বাবেই এনে এটা পৰিস্থিতিৰ সৃষ্টি হ’বলগীয়া হৈছে। ইয়াৰ পূৰ্বে ২০২১ চনৰ ২৮ মাৰ্চত অন্ত পৰা সপ্তাহটোত আমদানিৰ বাবে দেশখনৰ বৈদেশিক মুদ্ৰাৰ ভঁৰাল ৬০০ বিলিয়ন ডলাৰৰ তললৈ নামিছিল। যুদ্ধৰ বাবে সম্প্ৰতি বিশ্বৰ যোগান ব্যৱস্থাত আহি পৰা স্থবিৰতা, মুদ্ৰাস্ফীতিৰ বৃদ্ধি আৰু কেন্দ্ৰীয় বেঙ্কে নীতি পৰিচালনাৰ ক্ষেত্ৰত কঠোৰ হোৱা বাবে বৈদেশিক মুদ্ৰাৰ ভঁৰালত এনেদৰে চাপৰ সৃষ্টি হৈছে। প্ৰায় বছৰ জুৰি সংগ্ৰহ কৰা আটকীয়া বৈদেশিক মুদ্ৰাৰ ভঁৰালৰ পৰা মাথোন দুমাহতেই ৩২ বিলিয়ন ডলাৰ হ্ৰাস পোৱাটো স্বাভাৱিকতেই চিন্তাৰ বিষয় হৈ পৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.