কয়লা মাফিয়াক নাকী লগোৱাৰ চেষ্টা অৰুণাচলৰ

এক্সকেভেটৰ, ডাম্পাৰ জাতীয় বাহনৰ চাংলাং জিলাত প্ৰবেশ নিষিদ্ধ

0 17

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ অক্টোবৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ অবৈধ কয়লাখনিত চোৰাং কয়লা মাফিয়াৰ নিৰ্দেশত খনন চলাবলৈ গৈ নিৰীহ শ্ৰমিক কৰুণভাৱে মৃত্যুমুখত পৰাৰ ঘটনা ধাৰাবাহিকভাৱে সংঘটিত হৈ অহাৰ পাছতো অসম চৰকাৰ, জিলা প্ৰশাসন আৰু আৰক্ষীয়ে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি অহাৰ বিপৰীতে কয়লাৰ চোৰাং বেহাৰ বিৰুদ্ধে কঠোৰ হৈছে অৰুণাচলৰ প্ৰশাসন ৷ কয়লাৰ অবৈধ খনন আৰু চোৰাং বেহা ৰোধ কৰাৰ বাবে চুবুৰীয়া ৰাজ্যখনৰ চাংলাং জিলা প্ৰশাসনে এক নিৰ্দেশযোগে কলা হীৰাৰ চোৰাং খনন আৰু সৰবৰাহত সাধাৰণতে ব্যৱহাৰ হোৱা এক্সকেভেটৰ, পকলেণ্ড, ডাম্পাৰ জাতীয় বাহনৰ আন ঠাইৰ পৰা চাংলাং জিলাত প্ৰবেশ নিষিদ্ধ কৰিছে ৷ উল্লেখ্য যে অৰুণাচলৰ চাংলাং জিলাৰ খাৰছাঙৰ পৰা চোৰাং কয়লা ভুৱা নথিপত্ৰৰ জৰিয়তে তিনিচুকীয়াৰ মাজেৰে সৰবৰাহ হৈ থকাৰ কাহিনী সৰ্বজনবিদিত ৷ বিভিন্ন পক্ষক মেনেজ কৰি কয়লা মাফিয়াই চলাই থাকিবলৈ সক্ষম হৈছে কলা হীৰাৰ বহু কোটিটকীয়া এই চোৰাং বেহা ৷ ঘাইকৈ ঠাণ্ডাকালিৰ আগমনৰ লগেলগে ভৰপক দি উঠে চোৰাং কয়লাৰ বেহাই ৷ চাংলাং জিলাৰ উপায়ুক্ত ছান্নী কে সিঙে জাৰী কৰা নিষেধাজ্ঞাত এই কথা উল্লেখ যে সচৰাচৰ জিলাখনৰ বাহিৰৰ পৰা ভাৰা কৰা এক্সকেভেটৰ, পকলেণ্ড, ডাম্পাৰ জাতীয় বাহন কয়লাৰ চোৰাং খনন আৰু সৰবৰাহত ব্যৱহাৰ কৰা হয় ৷ সেইহেতুকে কয়লাৰ চোৰাং বেহা ৰোধ কৰাৰ বাবে সংশ্লিষ্ট প্ৰশাসনিক বিষয়াৰ আগতীয়া অনুমতি অবিহনে এক্সকেভেটৰ, পকলেণ্ড, ডাম্পাৰ জাতীয় বাহনৰ আন ঠাইৰ পৰা চাংলাং জিলাত প্ৰবেশ নিষিদ্ধ কৰা হৈছে ৷ জিলাখনত কৰ্মৰত ঠিকাদাৰসকলক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে যদিও তেওঁলোকক সংশ্লিষ্ট প্ৰশাসনিক বিষয়াৰ হাতত তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

মন্তব্য দিয়ক

Your email address will not be published.