ক’ৰণাত আক্ৰান্ত বিল গেইটছ

0 8

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ মে’ : বিল গেইটছ; যিজনে ক’ৰণাকালত মহামাৰী সাহায্য পুঁজিলৈ বিপুল অর্থ সাহায্য আগবঢ়াইছিল, তেওঁ নিজেই এইবাৰ ক’ৰনা আক্রান্ত হৈছে। মাইক্র’চফ্টৰ সহ-প্রতিষ্ঠাতা বিল গেইটছে নিজেই জনাইছে এই কথা। কালি টুইট কৰি তেওঁ নিজৰ সংক্ৰমণৰ কথা সদৰী কৰে। নিজকে আইচলেট কৰা বুলিও তেওঁ প্ৰকাশ কৰে। আন এক টুইটাৰ পোষ্টত বিশ্বৰ অন্যতম ধনী ব্যক্তিজনে লিখিছে যে, তেওঁ সৌভাগ্যবান, কাৰণ, তিনিটা টীকা ল’বলৈ পাইছে, বুষ্টাৰ ড’জো লৈছে আৰু পৰীক্ষা-নিৰীক্ষাৰ সমান্তৰালভাৱে প্রয়োজনীয় চিকিৎসা সেৱা পোৱাৰ সুযোগ পাইছে। আমেৰিকা যুক্তৰাষ্ট্রত ক’ৰনা সংক্রমণ অব্যাহত। দেশখনত সম্প্রতি বহুকেইজন গুৰুত্বপূর্ণ ব্যক্তি ক’ৰনা সংক্রমিত হৈছে। তেওঁলোকৰ ভিতৰত আছে মার্কিন উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ, বৈদেশিক মন্ত্রী এন্টনি ব্লিঙ্কেন।

মন্তব্য দিয়ক

Your email address will not be published.