ক’ৰনাৰ পিছত এইবাৰ টমেট’ ফিভাৰ ! কেৰালাত আক্রান্ত ৮০টি শিশু

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ মে’ : এবিধ নতুন ফ্লুৱে দেশৰ মানুহৰ মনত দুশ্চিন্তাৰ সৃষ্টি কৰিছে। জনা গৈছে, কেৰালাত ৮০ টিৰো বেছি শিশু এই ভাইৰাছত আক্রান্ত হৈছে। এওঁলোকৰ বয়স পাঁচ বছৰৰ কম। কেৰালাৰ এখন জিলাত টমেট’ ফ্লু বিয়পি পৰাৰ পিছত চুবুৰীয়া ৰাজ্য তামিলনাডুত স্বাস্থ্য বিভাগৰ দলে মানুহক পৰীক্ষা কৰা আৰম্ভ কৰিছে। এই ফ্লুত আক্ৰান্ত শিশুসকল অজ্ঞাত জ্বৰত ভুগিছে বুলি জনা গৈছে। এই টমেট’ জ্বৰ ভাইৰেল জ্বৰ নে চিকুনগুনিয়া অথবা ডেঙ্গুৰ পৰৱর্তী প্রভাৱ সেই লৈ এতিয়াও বিতর্কৰ সমাধান হোৱা নাই। টমেট’ ফ্লুৰ প্রভাৱত শিশুৰ খজুৱতি, ডিহাইড্রেচন আৰু ৰঙা ফোঁহা দেখা গৈছে। তদুপৰি বমি বমি ভাব, ডায়েৰিয়া, চৰ্দি, গা বিষ আদি উপসৰ্গ দেখা গৈছে আক্ৰান্তসকলৰ ক্ষেত্ৰত। কি কাৰণে এই ফ্লু হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। তদুপৰি এই ফ্লু নতুন কোনো ৰোগ নে ডেঙ্গু অথবা চিকুনগুনিয়াৰ পৰৱর্তী প্রভাৱ সেই সম্পর্কে এতিয়াও সিদ্ধান্তত উপনীত হ’ব পৰা নাই চিকিৎসকসকল।

মন্তব্য দিয়ক

Your email address will not be published.