গায়ত্ৰী গোস্বামী অধ্যাপক
মাজতে সপৰিয়ালে-সবান্ধৱে অৰুণাচলৰ পৰশুৰাম কুণ্ড দৰ্শন কৰিবলৈ গৈছিলো। গাড়ীখন অকাই-পকাই ওখ পাহাৰটো বগাই গৈ আছে, আমি গাড়ীৰ ভিতৰৰ পৰাই ডিঙি মেলি-মেলি চাৰিওফালে চাই তৎ পোৱা নাই। যিমানেই ওপৰলৈ উঠিছো সিমানেই দূৰৈৰ ৰং-বিৰঙৰ শিলৰ লগত ফেপেৰি পাতি আগবাঢ়ি যোৱা নদীখন, ওখ-চাপৰ সাতামপুৰুষীয়া সেউজীয়া পাহাৰকেইটা, কোন বেছি ওখ তাৰ প্ৰতিযোগিতাত ব্যস্ত ওখ ওখ গছ লতিকাবোৰ, চৰাইৰ কিচিৰ মিচিৰ শব্দবোৰে মনটো মতলীয়া কৰি তুলিছে। এটা সময়ত গাড়ীৰ পৰা নামি খটখটী বগাই বগাই গৈ আছো ওপৰলৈ আৰু ওপৰলৈ…
প্ৰকৃতিয়েই সাক্ষাৎ ঈশ্বৰ, এই পৰিবেশটোতকৈ ডাঙৰ প্ৰমাণ কি লাগে। আধ্যাত্মিকতাৰ মূৰ্ত প্ৰকাশ পাইছে প্ৰতিটো কণত, প্ৰতিটো ৰূপত, প্ৰতিটো প্ৰাণত। মনত এনে এটি ভাব জাগি উঠিছে যেন ইয়াতেই থাকি যাম সদায়, জুৰিটিৰ পানীৰে পিয়াহ গুচাম, গছৰ ফলে গুচাব ভোক। গছ লতাই ঠেক কৰি অনা বাটটোত বাৰে বাৰে বাট ভেটি ধৰিছে ভিন ভিন পখিলাই। উজ্জ্বল ৰঙৰ মনোমোহা পখিলাৰ বৃহৎ বৃহৎ জাক।
আজিকালি আমাৰবোৰ ঠাইত পখিলা দেখিবলৈকে নাই। কেতিয়াবা এটা বা দুটা। ইয়াত আকৌ ভীষণ ঈষৎ হালধীয়াবৰণৰ ৰচকী পখিলাৰ জাকে মেল মাৰি থকা দেখি পুৰণি কথা এটালৈহে মনত পৰিল। কলেজত পঢ়ি থাকোতে আমাক তেতিয়া নুমলীগড় শোধনাগাৰ দেখুৱাবলৈ ছাৰ বাইদেউহঁতে লৈ গৈছিল। খনিজাত পদাৰ্থবোৰ কেনেকৈ কেনেকুৱা প্ৰক্ৰিয়াৰে কি কৰে, তাৰ পৰিবেশৰ প্ৰভাৱ, অৰ্থনৈতিক কথা আদি দেখুৱালৈ নিছিল যদিও বিদ্যায়তনিক দিশবোৰক লৈ আমি তেতিয়া তিলমানো ব্যস্ত নাছিলো। মনত ক্ৰিয়া কৰিছিল আন এটা কথাইহে। শোধনাগাৰ কৰ্তৃপক্ষই তাতে এখনি পখিলা উদ্যান গঢ় দিছিল, এতিয়া আছে নে নাই নাজানো কিন্তু আমি সেইসময়ত পখিলা উদ্যানখনক লৈ বৰ ব্যগ্ৰ আছিলো। পিছে ভৰ দুপৰীয়াখন খোজ কাঢ়ি গৈ গৈ পখিলা উদ্যানত এটিও পখিলা দেখিবলৈ নাপালো। সেই আশাহত মনটো আজি পৰশুৰাম কুণ্ডৰ পখিলা জাকে পুৰ কৰি তুলিলে যেন লাগিল। কমলাবৰণৰ সৰু সৰু ফুটুকা-ফুটুকী পখিলাৰ সংখ্যা সৰহ আছিল।
এটা সময়ত কুণ্ডত গাটো তিয়াই ওলটিছো। ওখ ওখ খটখটি এইবাৰ বগাই-বগাই ওপৰলৈ আহি আছো। এইবেলি একেই পখিলাজাকক দেখি আগতে কৰবাত পোৱা কথা এটা মনত পৰিল। পাহৰিছো, হয়টো জিম কৰবেটৰ কোনোবা এখন কিতাপত পাইছিলো যে যদি ওচৰ পাজৰে বনৰজা থাকে,নাইবা বনৰজা চিকাৰলৈ যেতিয়া ওলাই তেতিয়া পখিলাৰ জাকে বনৰজাক বেৰি ধৰি নাচি থাকে। বনৰজাৰ গাত নপৰি ওচৰে ওচৰে উৰি ফুৰে। দৃশ্যটো ভাবিয়েই ভাল লাগে। কৰবেটৰ বৰ্ণনশৈলী কি চমৎকাৰ, সকলো চকুৰ আগতেই ঘটি থকা যেন লাগে। এঠাইত পঢ়িছিলো, তেওঁ বোলে সন্ধিয়া এদিন গা ধুই আছিল। পোহৰৰ বাবে লেম্প এটা জ্বলাই লৈছিল। হঠাতে পুৰণি গাধোৱা ঘৰটোৰ কাঠ এচটাত সাক্ষাৎ যমদূত হেন ফেটী সাপ এটা দেখি খপজপকৈ জ্বলি থকা লেম্পটোলৈ হাত মেলোতেই সেইটো নুমাই থাকিল। এতিয়া ঘিটমিটিয়া অন্ধকাৰত অকলে থাকিল কৰবেট আৰু ক’লা কিচকিছিয়া সাক্ষাৎ যমদূতসদৃশ সাপডাল । কৰবেটে অকনো শব্দ নকৰাকৈ আৰু লৰচৰ নকৰাকৈ গাধোৱা ঘৰটোত থিয় দি ৰৈ থাকিল। আন্ধাৰত চকুৰে একো নমনি মূৰ্তিৰ দৰে থিয় হৈ থাকিল কৰবেট,কাৰণ অকনমান লৰচৰ কৰিলেই হয়টো যমদূতৰ কোপদৃষ্টিত ভস্মীভূত হ’ব লাগিব কৰবেট। ইপিনে এনেকৈ ৰৈ থাকোতে তেওঁৰ গাৰ পৰা গাধোৱা পানীবোৰ মাজে মাজে ভৰিলৈ বৈ গৈছিল। চেঁচা পানীৰ পৰশখিনি তেওঁ সাপডালৰ শীতলী পৰশ যেন অনুভৱ কৰি ভয় খালে বাৰে বাৰে। বহুপৰৰ পিছলৈকে কৰবেটৰ একো উমঘাম নেদেখি তেওঁৰ লগুৱাই তেখেতক উদ্ধাৰ কৰিলে যেনিবা।
উঃ কি বৰ্ণনা,পঢ়ি থাকোতে মোৰো ভৰি দুটাত সাপৰ চেঁচা পৰশ অনুভৱ হয় । সন্দেহ নাই কৰবেটৰ সমান বৰ্ণনাশৈলীৰ চমৎকাৰীত্ব আন ক’তো পাবলৈ নাই।
কৰবেটক আনদিনা ভাল লাগিলেও আজি এই যাত্ৰাত পিছে মোৰ মনত পৰি খঙহে উঠিল। কিছুমান কথা নজনাকৈ থকাই ভাল যেন লাগিল। মই এতিয়া অসময়ত মনত পেলাই অৱস্থা কাঢ়িল। পখিলাৰ শীতল দেহাটো ৰ’দত তপতাবলৈ আৰু পাৰিলে কোনো জন্তুৰ দেহৰ উত্তাপ পাবলৈ চেষ্টা কৰা দেখা যায়। আন জন্তুৰ ওচৰলৈও উৰি উৰি যায় যদিও চকুত পৰে সাধাৰণতে বাঘৰ ক্ষেত্ৰত, কাৰণ বনৰজা সদায় আকৰ্ষণীয়। তাতে কাৰ্টুন ছবিবোৰটো বাঘৰ পোৱালিয়ে পখিলা খেদি থকা দেখা যায়। এইকেইদিন অফ চিজন বুলি পৰ্যটকৰ সংখ্যা তুলনামূলক ভাৱে কম। মনত ভাব : পখিলাবোৰ যেনেকৈহে উৰি আছে ভোকাতুৰ বাঘ এটাই কিজানিবা পাতৰ আঁৰৰ পৰা মোলৈকে চাই আছে।
দৰাচলতে বাঘ আৰু পখিলাৰ সম্পৰ্কটোৱে ওচৰে-পাজৰে এজনা চোপ লৈ থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে মোৰ মনত গভীৰকৈ। কথাটো লগত থকা কাকো জনোৱা নাই কাৰণ বাকীবোৰক ভয় খুৱাবলৈ সমুলি মন নাছিল কিন্তু মোৰ মনৰ ভয়ে এনে ৰূপ ল’লে যে উশাহটো চুটি চুটি অনুভৱ কৰিলো। ফলত ইমানেই ফোঁপনি ধৰিবলৈ ধৰিলে যে এটা খোজো খটখটীত আগবঢ়াই দিবলৈ অপাৰগ অনুভৱ হ’ল। ভয়ে কি পৰ্যায়ত মানুহক লটিঘটি কৰিব পাৰে সেয়া বুজাই বুজিব। এইদৰে বহুপৰ একে ঠাইতে ৰৈ থকা দেখি গৃহস্থই বাৰে বাৰে কি হৈছে বুলি সুধিছে যদিও মুখফুটাই একো কোৱা নাই, কিজানি পখিলা – বাঘৰ অদৰকাৰী ভয়ৰ কথা শুনি তেওঁ মোক উচাৎ মাৰি এৰি থৈ গুছি যায় কি ঠিক! অলপপৰ তভক মাৰি উপায়ন্তৰহৈ তেওঁ মোৰ হাতখন খটখটিখিনিত আগলৈ টানিবলৈ ধৰিলে আৰু পিছফালৰ পৰা ল’ৰাই এমোনীয়া বস্তাটোৰ দৰে ঠেলি ঠেলি গাড়ী থোৱা ঠাইখন পোৱালেহি যেনেতেনে। সেইবাৰলৈ ৰক্ষা পৰিলোঁ যদিও মোৰ ব্লাড প্ৰেচাৰ বাঢ়িছে নেকি বুলি আটাইয়ে ভয় খোৱা দেখা গৈছিল যদিও তেতিয়ালৈ মোৰ অৱস্থা নতুন ৰূপপোৱা এশটকীয়াটোৰ দৰে খমখমীয়া হৈ পৰিছিল।
সত্যকে কৈছো- প্ৰিয় কৰবেটে এনেকৈ মোক পানী খুৱাব বুলি ভুলতো ভবা নাছিলো দেই। এইবাৰ আকৌ পৰশুৰাম কুণ্ডই হাতবাউল দি মাতি আছে। এই যাওঁ যাওঁ লাগিয়েই আছে। এইবাৰ অৱশ্যে কৰবেটলৈ মনত নেপেলাওঁ বাৰু।