‘গণিত বিষয়ৰ অসমীয়া মাধ্যমৰ পুৰণি পাঠ্যপুথি’ৰ সন্ধান

0 360

সম্পাদক মহোদয়,

   স্কুলীয়া পাঠ্যপুথিৰ জৰিয়তেই কিতাপৰ বৃহৎ জগতখনৰ সৈতে আমাৰ সম্পৰ্কৰ আৰম্ভণি হয়। সময়ৰ লগে লগে বিভিন্ন শিক্ষা বিষয়ক নীতিসমূহৰ প্ৰৱৰ্তন/ বলবৎ অনুযায়ী সলনি হৈ আহিছে পাঠ্যপুথিসমূহ। আপাত দৃষ্টিত অপ্ৰয়োজনীয় বা অলাগতিয়াল যেন লাগিলেও পুৰণি হৈ অহা পাঠ্যপুথিসমূহৰ ঐতিহাসিক মূল্য কিন্তু সদায়ে আছে।
এক বিদ্যায়তনিক প্ৰয়োজনত ‘গণিত বিষয়ৰ অসমীয়া মাধ্যমৰ পুৰণি পাঠ্যপুথি’ৰ সন্ধান কৰোঁতে দুই এখন বাদ দি বেছিভাগেই এই পৰ্যন্ত বিচাৰি পোৱা নাই। বিশেষকৈ স্বাধীনতাৰ পিছৰে পৰা বৰ্তমানলৈকে গণিত বিষয়ৰ অসমীয়া মাধ্যমৰ এই পাঠ্যপুথিসমূহ (দশম শ্ৰেণীলৈকে) কাৰোবাৰ ওচৰত সংৰক্ষণ কৰা আছে নেকি? যদিহে কাৰোবাৰ ওচৰত আছে অথবা থাকিব পৰা সংগ্ৰহালয়ৰ তথ্য আছে তেন্তে অনতিপলমে নিম্নোক্ত ঠিকনাত যোগাযোগ কৰে যেন। কোনো বিদ্যালয় বা ব্যক্তি বা গোটৰ পৰা সঁহাৰি পালে পৰম অনুগৃহীত হ’ম।

অনামিকা বড়া
ডিমৌ,শিৱসাগৰ,
৭৫৭৬০০৭৯০৬/৯৭০৭৮০৫৯১১
banamika97@gmail.com

মন্তব্য দিয়ক

Your email address will not be published.