গান্ধীনগৰত গোলকীয় আয়ুষ বিনিয়োগ-উদ্ভাৱন সন্মিলন আৰম্ভ

৩৯খন দেশৰ ৰাষ্ট্ৰদূত-প্ৰতিনিধি আৰু বিভিন্ন ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী উপস্থিত

0 30

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ এপ্ৰিলঃ গুজৰাটৰ গান্ধীনগৰৰ বিখ্যাত সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰ ‘মহাত্মা মন্দিৰ’ত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা তিনিদিনীয়া ‘গোলকীয় আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলন- ২০২২’ৰ শুভাৰম্ভণি অনুষ্ঠানত অসমক প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে। ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত অহা ২২ এপ্ৰিললৈকে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই আন্তঃৰাষ্ট্ৰীয় আয়ুষ বিনিয়োগ তথা উদ্ভাৱনী সন্মিলনত মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰৱিন্দ কুমাৰ জগন্নাথ, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ড° টেড্ৰ’ছ অধানম ঘেব্ৰেয়ুছাছ, কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মাননীয় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড° মনসুখ মান্দাভীয়া ডাঙৰীয়া, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় আয়ুষ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডা° মুঞ্জাপাৰা মহেন্দ্ৰভাই, ৩৯খন দেশৰ ৰাষ্ট্ৰদূত-প্ৰতিনিধি আৰু বিভিন্ন ৰাজ্যৰ স্বাস্থ্য তথা আয়ুষ মন্ত্ৰীসকলৰ লগতে পৰম্পৰাগত আয়ুৰ্বেদিক আৰু প্ৰাকৃতিক চিকিৎসা প্ৰণালীৰে জড়িত দেশ-বিদেশৰ বিনিয়োগকাৰী, গৱেষক-চিকিৎসকে অংশগ্ৰহণ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.