গুণোৎসৱ – ২০২২ ৰ পৰিপ্ৰেক্ষিতত লখিমপুৰ জিলাত ব্যাপক প্ৰস্তুতি

0 126

উত্তৰ লখিমপুৰ, ১৭ মে’: অসম চৰকাৰৰ শিক্ষা বিভাগৰ তত্ত্বাৱধানত ৰাজ্যখনত ইতিমধ্যে আৰম্ভ হোৱা গুণোৎসৱ – ২০২২ ৰ পৰিপ্ৰেক্ষিতত লখিমপুৰ জিলাতো ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। গুণোৎসৱ তৃতীয় পৰ্যায়ত চলিত বৰ্ষৰ জুন মাহৰ ১ তাৰিখে বিদ্যালয়সমূহৰ স্ব-মূল্যায়ন হ’ব আৰু ২, ৩ আৰু ৪ তাৰিখে বৰ্হি মূল্যায়কৰ দ্বাৰা মল্যায়ন হ’ব। ইতিমধ্যে ৭’মেৰ পৰা ১১ মে’লৈ জিলাখনৰ পাচঁটাকৈ স্থান ক্ৰমে খেৰাজখাট মহাবিদ্যালয়, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়, বিহপুৰীয়া একাডেমী, নৰ্মাল স্কুল ঢকুৱাখনা, ঘিলামৰা টাউন হাইস্কুলত জিলাখনৰ বাবে আৰু চুবুৰীয়া জিলাৰ বাবে দৰকাৰ হোৱা বহিৰ্মূল্যায়ক সকলৰ প্ৰশিক্ষণত ডায়েট, বিটিচি, বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, উপ-পঞ্জীয়ক, প্ৰবক্তাকে প্ৰমুখ্য কৰি বিভিন্ন চৰকাৰী বিভাগৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াসকলে বৰ্হি মূল্যায়কৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। খেৰাজখাট আৰু বিহপুৰীয়াত জিলাখনৰ উন্নয়ন আয়ুক্ত তথা সমগ্ৰ শিক্ষাৰ জিলা সমন্বয়ক মনোজ কুমাৰ বৰুৱাই , ঢকুৱাখনা আৰু ঘিলামৰাত ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই আৰু উত্তৰ লখিমপুৰত জিলাখনৰ উপায়ুক্ত সুমিত সাত্তাৱন, আই এ এছ, প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে। সুচাৰুৰূপে সম্পন্ন হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তিৰূপে উপস্থিত থাকে ডায়েট লখিমপুৰৰ প্ৰবক্তাত্ৰয় ক্ৰমে ডি আৰ ইউ বিভাগৰ ইন্দ্ৰজিত গাম, পি এছ টি ই – এম আই এল বিভাগৰ কৰুণা কান্ত হাজৰিকা, আই এফ আই চি বিভাগৰ গুণ গোবিন্দ সোণোৱাল, লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা দুৰ্গেশ্বৰ হাজৰিকা, লখিমপুৰ ছোৱালী মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ প্ৰবক্তা ড° মৃদুল বুঢ়াগোহাঁই, সমগ্ৰ শিক্ষা লখিমপুৰৰ জিলা আচঁনি বিষয়াদ্বয় ক্ৰমে নিভা ৰাণী শইকীয়া, গুণজিত ঠাকুৰীয়া, মধ্যাহ্ন ভোজন আঁচনিৰ জিলা বিষয়া বৰ্ণালী চিন্তে আৰু বিভাগৰে অভিযন্তা পৰিতোষ ৰয়ে। এই প্ৰশিক্ষিত বহিৰ্মূল্যয়ক সকলে গুণোৎসৱৰ কাৰ্যসূচীত প্ৰত্যক্ষ ভাবে অংশ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী ৰ লগতে বিদ্যালয় সমূহৰ মূল্যায়ন কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.