গুৱাহাটী, ১৯ এপ্ৰিলঃ আজি পুৱা 11.45 বজাত গুৱাহাটী ৰেঞ্জৰ খানামুখ বিটৰ অন্তৰ্গত পাণ্ডু জাহাজঘাট পথৰ লোককলনি অঞ্চলত এটা নাহৰফুটুকী বাঘ উদ্ধাৰ কৰা হয় ।পশু চিকিৎসক ডাঃ বিজয় গোহাঁই আৰু জালুকবাৰী আৰক্ষী থানাৰ আৰক্ষী কৰ্মীৰ নেতৃত্বত অহা অসম ৰাজ্যিক চিৰিয়াখানাৰ এটা উদ্ধাৰকাৰী দলে যুটীয়া অভিযানত উদ্ধাৰ কৰা এই নাহৰফুটুকীটোৰ বয়স ১০ বছৰ হব পাৰে বুলি অনুমান কৰা হৈছে। জনাঞ্চলত প্ৰৱেশ কৰা নাহৰফুটুকীটোৱে আজি পুৱা ৰঞ্জু ভট্টাচাৰ্য (৫৫) নামৰ এগৰাকী মহিলাক আঘাত কৰি আহত কৰাৰ পাছত এটা ঘৰৰ চৌহদৰ কঁঠাল গছত জিৰণি লৈ আছিল। বন বিভাগৰ বনকৰ্মী সকলে প্ৰথমবাৰৰ প্ৰচেষ্টাতে তাক ট্ৰেংকুলাইজ কৰি চিকিৎসাৰ বাবে ৰাজ্যিক চিৰিয়াখানালৈ লৈ যায়।