গুৱাহাটীৰ পৰা শীঘ্ৰে ঢাকা-কাঠমাণ্ডুলৈ উৰিব এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান

আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ সম্প্ৰসাৰণক লৈ গুৱাহাটীত বৈঠক

0 36

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৮ জুনঃ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিমানযাত্ৰীসকলৰ বাবে সুখবৰ। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা শীঘ্ৰে সম্প্ৰসাৰণ ঘটিব আন্তঃৰাষ্ট্ৰীয় বিমানসেৱাৰ। অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা সম্প্ৰসাৰণৰ বিষয়ত গুৱাহাটীত আজি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসমৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত আৰু ‘এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ’ৰ শীৰ্ষ কাৰ্যবাহী। ৰাজ্যৰ পৰিবহণ সচিব আদিল খানো উপস্থিত থকা এই বৈঠকত টাটা গ্ৰুপৰ অধীনৰ এয়াৰ ইণ্ডিয়া লিমিটেড পৰিচালিত অসামৰিক বিমান পৰিবহণ সংস্থাটোৰ কৰ্পোৰেট এফেয়াৰ্ছৰ মুৰব্বী সুনীল যোশী আৰু নেটৱৰ্ক প্লেনিঙৰ মুৰব্বী শশী চেতিয়াই অংশগ্ৰহণ কৰে। বৈঠকত অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা সম্প্ৰসাৰণৰ বাবে ইচ্ছা প্ৰকাশ কৰি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ শীৰ্ষ কাৰ্যবাহী দুগৰাকীয়ে গুৱাহাটীৰ পৰা শীঘ্ৰে ঢাকা আৰু কাঠমাণ্ডু সংযোগী নতুন আন্তঃৰাষ্ট্ৰীয় বিমান পথেৰে পোনপটীয়া বিমান সেৱা আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। ইতিমধ্যে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ পৰা প্ৰাৰম্ভিক সেউজ সংকেত লাভ কৰা টাটা গ্ৰুপৰ অসামৰিক বিমান পৰিবাহী সংস্থাটোৱে ৰাজ্য চৰকাৰৰ পৰাও এইক্ষেত্ৰত সন্মতিৰ লগতে সহযোগিতা বিচাৰি আবেদন জনাইছে। এই সন্দৰ্ভত শীঘ্ৰে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ফালৰ পৰা সম্ভাৱ্য বিমান ভাড়াকে ধৰি অন্যান্য কাৰিকৰী দিশসমূহ সামৰি যাৱতীয় প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰিব বুলি বৈঠকত দুয়োগৰাকী কাৰ্যবাহীয়ে পৰিবহণ মন্ত্ৰীগৰাকীক অৱগত কৰে। গুৱাহাটীৰ পৰা ঢাকা আৰু কাঠমাণ্ডুলৈ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানসেৱা যথাসম্ভৱ শীঘ্ৰে আৰম্ভ কৰিবলৈ অসামৰিক বিমান পৰিবহণ সংস্থাটোৱে ইতিমধ্যে সকলো প্ৰস্তুতিও সম্পূৰ্ণ কৰি তোলা বুলি আলোচনাকালত অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰীগৰাকীৰ আগত প্ৰকাশ কৰে। তদুপৰি, আগন্তুক দিনত গুৱাহাটী-ছিংগাপুৰ আৰু গুৱাহাটী-বেংকক সংযোগী বিমান সেৱা মুকলিৰ বাবেও এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ফালৰ পৰা বৈঠকত বিশেষ আগ্ৰহ দেখুৱায় সংস্থাটোৰ কৰ্পোৰেট এফেয়াৰ্ছৰ মুৰব্বী যোশী আৰু নেটৱৰ্ক প্লেনিঙৰ মুৰব্বী চেতিয়াই। আজিৰ এই বৈঠকত ৰাজ্যৰ পৰিবহণ বিভাগৰ যুটীয়া সচিব হানিফ নুৰানী আৰু উদ্যোগ বিভাগৰ যুটীয়া সচিব অ’জামানো উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.