গোগামুখত গড়ৰ খৰ্গসহ তিনি চোৰাং ব্যৱসায়ী গ্ৰেপ্তাৰ

0 0
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩ এপ্ৰিলঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কিছুদিন পূৰ্বে চোৰাং চিকাৰীয়ে এটা গড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আজি ধেমাজি জিলাৰ গোগামুখত আৰক্ষীয়ে গড়ৰ খৰ্গ সহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি লখিমপুৰ জিলাৰ ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত বকুলগুৰিৰ ভীমকান্ত দলে, মিনাৰাম মিলি আৰু জ’ন পেগুৱে গড়ৰ খৰ্গটো বিক্ৰী কৰিবলৈ বুলি এটা মোনাত ভৰাই ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত এদূত গাঁৱৰ গড়ৰ খৰ্গৰ চোৰাং বেপাৰী নকুল পেগুৰ ঘৰত আশ্ৰয় লয়৷ গোগামুখ আৰক্ষীয়ে আজি পুৱতি নিশা নকুল পেগুৰ ঘৰত অভিযান চলাই  গড়ৰ খৰ্গটোৰ লগতে তিনি  চোৰাং  বেপাৰী  ভীমকান্ত দলে, মিনাৰাম মিলি আৰু জ’ন পেগুক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
মন্তব্য দিয়ক

Your email address will not be published.