ঘেঁহু ৰপ্তানিত আচম্বিতে নিষেধাজ্ঞা জাৰি

0 30
শতাব্দ বিশেষ প্ৰতিনিধি, ১৪ মে’ : কালি অৰ্থাৎ শুকুৰবাৰে নিশা কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে হঠাতে জাৰি কৰা নিষেধাজ্ঞাৰ যোগে তৎকালেই বলবৎ হোৱাকৈ ভাৰতৰ পৰা ঘেঁহু ৰপ্তানিত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। নিৰ্দেশটোত কোৱা হৈছে যে, দেশৰ খাদ্য নিৰাপত্তাৰ দিশটো সুৰক্ষিত কৰি ৰখা আৰু কাষৰীয়া তথা খাদ্যৰ ক্ষেত্ৰত অসুৰক্ষিত দেশবোৰৰ জৰুৰীকালীন প্ৰয়োজনলৈ লক্ষ্য ৰাখি সাময়িক ভাৱে ঘেঁহুৰ ৰপ্তানিত বাধা-নিষেধ আৰোপ কৰা হৈছে। বাণিজ্য মন্ত্ৰালয়ৰ অধীনস্থ বৈদেশিক বাণিজ্যৰ মহানিৰ্দেশাকালয়ে জনোৱা মতে, অৱশ্যে এই নিৰ্দেশ জাৰি কৰাৰ পূৰ্বে যিসমূহ দেশলৈ ঘেঁহু ৰপ্তানিৰ বাবে আগতীয়া আৱণ্টন দিয়া হৈছিল তাত এই বাধা-নিষেধ প্ৰযোজ্য নহ’ব। উল্লেখযোগ্য যে, নিষেধাজ্ঞা জাৰি কৰাৰ দুদিন পূৰ্বে ঘেঁহু ৰপ্তানিৰ সম্ভাৱনীয়তা বিচাৰ কৰি চাবলৈ কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে কেইবাখনো ৰাষ্ট্ৰলৈ বাণিজ্য প্ৰতিনিধিৰ দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই প্ৰতিনিধি দলসমূহে তুৰ্কী, টিউনিছিয়া, মৰক্কো, ফিলিপাইন, ইন্দোনেছিয়া, থাইলেণ্ড, ভিয়েটনাম, আলজেৰিয়া আৰু লেবানন ভ্ৰমণ কৰাৰ কথা আছিল। কিন্তু দুদিনৰ পাছতে হঠাতে কেন্দ্ৰীয় চৰকাৰে কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিলে সেইয়া বিশেষ ভাৱে চৰ্চিত হৈছে। আনকি কেন্দ্ৰীয় খাদ্য দপ্তৰৰ সচিব গৰাকীয়েও বুধবাৰে ঘেঁহু ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সম্ভাৱনা পোনচাতেই নাকচ কৰিছিল। তেওঁ সংবাদ মাধ্যমক কৈছিল যে, এইবছৰ ৰবি শস্যৰ বতৰত ঘেঁহুৰ ক্ষেত্ৰত কৃষকসকলে চৰকাৰী নিম্নতম সমৰ্থন মূল্যতকৈ অধিক ধন লাভ কৰিছে। চীনৰ পাছতেই ভাৰতবৰ্ষ ঘেঁহু উৎপাদনৰ ক্ষেত্ৰত দ্বিতীয় বৃহৎ ৰাষ্ট্ৰ। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছৰে পৰাই কৃষ্ণসাগৰ অঞ্চলো ঘেঁহু উৎপাদনত বাধাগ্ৰস্ত হৈছে নতুবা পৰিৱহণৰ ক্ষেত্ৰত সমস্যাৰ উদ্ভৱ হৈছে। সেয়ে বহুবোৰ ৰাষ্ট্ৰই এতিয়া ঘেঁহুৰ আমদানিৰ বাবে ভাৰতৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। আনহাতে মাৰ্চ মাহত অত্যধিক তাপপ্ৰবাহৰ ফলত ভাৰতত ঘেঁহুৰ স্বাভাৱিক উৎপাদনো বাধাগ্ৰস্ত হৈছে। কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে ২০২১-২২ চনৰ ৰবি শস্যৰ বছৰটোত পূৰ্বতে কৰা পূৰ্বানুমান অনুযায়ী দেশখনত ঘেঁহু উৎপাদনৰ পৰিমাণ নিৰ্ধাৰণ কৰিছিল ১১১.৩২ নিযুত মেট্ৰিক টন কিন্তু পাছত এতিয়া এই পৰিমাণ ৫.৭ শতাংশ হ্ৰাস কৰি ১০৫ নিযুত মেট্ৰিক টন কৰা হৈছে। মূলতঃ ঘেঁহু উৎপাদন কৰা উত্তৰ ভাৰতৰ ৰাজ্য কেইখনত এইবাৰ আগতীয়াকৈ গ্ৰীষ্ম কালৰ আৱিৰ্ভাৱ হোৱাত ঘেঁহু উৎপাদনত ব্যাঘাত জন্মা কথাটো চৰকাৰে স্বীকাৰ কৰিছে। ইয়াৰ পূৰ্বৰ ২০২০-২১ চনৰ ৰবি শস্যৰ বতৰটোত দেশখনত ঘেঁহু উৎপাদন হৈছিল ১০৯.৫৯ নিযুত মেট্ৰিক টন। কেন্দ্ৰীয় চৰকাৰে দেশত ঘেঁহুৰ নাটনি হোৱাৰ কথা অস্বীকাৰ কৰিছে যদিও যোৱা এপ্ৰিল মাহত ঘেঁহুৰ মূল্য ৬.৯৫ শতাংশ বৃদ্ধি পাইছে যিটো দশকটোৰ ভিতৰতে সৰ্বোচ্চ। ইফালে আজি জি-৭ দেশসমূহে ঘেঁহু ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতে জাৰি কৰা নিষেধাজ্ঞাৰ সমালোচনা কৰিছে। ষ্টুৰ্টগাৰ্টত আজি এখন সংবাদ মেলত জাৰ্মানীৰ কৃষি মন্ত্ৰী কেম অ’জডেমিৰে ভাৰতৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি কয় যে, “যদি সকলোৱেই নিষেধাজ্ঞা আৰোপ কৰে বা বাণিজ্য বন্ধ কৰি দিয়ে তেন্তে পৰিস্থিতি আৰু জটিল হৈ পৰিব।”
মন্তব্য দিয়ক

Your email address will not be published.