ঘোষণাতে সীমাবদ্ধ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ঃ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল
চাৰি বছৰেও ন'হল স্নাতকোত্তৰ পাঠ্যক্ৰমঃ ছাত্ৰ ছাত্ৰীৰ হাহাকাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৩ ছেপ্টেম্বৰঃ উত্তৰ পাৰৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত উত্তৰণ ঘটোৱাৰ মানসেৰে নাৰায়ণপুৰৰ ঐতিহাসিক মাধৱদেৱ মহাবিদ্যালয়ক বিজেপি চৰকাৰে তিনিবছৰ পূৰ্বেই উন্নীত কৰিছিল বিশ্ববিদ্যালয়লৈ। কিন্তু দুৰ্ভাগ্যজনক ভাবে বৰ্তমান চাৰিটাকৈ বৰ্ষত ভৰি দিয়া বিশ্ববিদ্যালয়খনত আজিকোপতি নহল স্নাতকোত্তৰ পাঠ্যক্ৰম, নাই উপযুক্ত শিক্ষক আৰু অন্যান্য কৰ্মচাৰী। যাৰ বাবে উপায়ন্তৰ হৈ অৱশেষত আজি ছাত্ৰ-ছাত্ৰী নামিল প্ৰতিবাদত। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য গৰাকীৰ অমনোযোগিতা আৰু ৰাজ্যৰ শিক্ষা বিভাগৰ অৱহেলাৰ অভিযোগ তুলি আজি ছাত্ৰ-ছাত্ৰী বিভিন্ন ছাত্ৰ সংগঠনে বিশ্ববিদ্যালয় চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিশ্ববিদ্যালয়খনত স্নাতক ডিগ্ৰী লৈ উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে ছাত্ৰ ছাত্ৰী – এই অভিযোগ ছাত্ৰ ছাত্ৰী ,সচেতন অভিভাৱকৰ তথা বিভিন্ন ছাত্ৰ সংগঠনৰ ।কেৱল ৰাজনৈতিক চমক সৃষ্টি আৰু শাসনৰ বাঘজৰী ল’বৰ বাবে সেই সময়ৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এক প্ৰকাৰ ছাত্ৰ ছাত্ৰী সকলৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ ছাত্ৰ-ছাত্ৰীৰ। ইফালে বিগত দুটা বছৰ ধৰি ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱাৰো অভিযোগ ছাত্ৰ ছাত্ৰীৰ । এই ক্ষেত্ৰত উপাচাৰ্য গৰাকীয়ে এনে বিষয়ত দায় সৰা মন্তব্য কৰে। কথাই প্ৰতি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা আওৰাই থকা চৰকাৰখনে আগন্তুক দিনত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।