চকৰি ফেঁটীয়ে তিনিবাৰকৈ দংশন কৰাৰ পাছতো…

অসমত এনে ঘটনা প্ৰথম আৰু সম্ভৱ ভাৰতবৰ্ষত এক বিৰল ঘটনা

0 46
দংশন : প্ৰায় ১১ বজা ৰাতিপুৱা
শ্ৰীমতী পূৰ্ণিমা তাঁতী
৪২ বছৰ, ৰাজমাই
ডিমৌ হস্পিটেলত উপস্থিত : ১২ বজা
লক্ষণ : ১:০৫ বজা দুপৰীয়া
মৃত প্ৰায় অৱস্থা : আবেলি ৫ বজালৈকে
আমাৰ যুদ্ধ : ১ বজাৰ পৰা ৫ বজালৈ
কোনো অক্সিজেনৰ প্ৰয়োজন নাছিল।
কোনো ICU ৰ প্ৰয়োজন হোৱা নাই।
প্ৰয়োজন আছিল আমাৰ সকলো স্বাস্থ্য কৰ্মীৰ তৎপৰতা।
সাধাৰণতে আজিলৈকে আমি চকৰি ফেঁটী সাপৰ এবাৰ দংশনৰ ৰোগী সফলতাৰেৰে চিকিৎসা প্ৰদান কৰি থকা হৈছিল।প্ৰায়ে মাত্ৰ ১০ টা এন্টিভেনম বেজীৰ প্ৰয়োজন হৈছিল। কিন্তু কালিৰ ৰোগী গৰাকীক তিনিবাৰকৈ দংশন কৰি সাপডালে সৰ্বোচ্চ বিহ ঢালিছিল।একেবাৰে ৩০ টা এন্টিভেনম বেজীৰ প্ৰয়োজন হৈছিল।আমিও অলপ ভয় খাই আছিলো।কিন্তু লাহে লাহে আমি জয়ী হৈছিলো।
 চকৰি ফেঁটী সাপৰ তিনিবাৰকৈ দংশন কৰাৰ পাছত সাপডালে সৰ্বোচ্চ বিহ ঢলাৰ পাছতো ৰোগী আজি সুস্থ।অসমত এনে ঘটনা প্ৰথম আৰু সম্ভৱ ভাৰত বৰ্ষত  এক বিৰল ঘটনা।
ৰোগী গৰাকী সুস্থ হোৱাৰ শ্ৰেয় আপোনালোকো।আপোনালোকৰ সহায় সহযোগ, প্ৰচাৰ আদিৰ বাবে তেওঁলোক বেজলৈ নগৈ তৎক্ষণাত চিকিৎসালয় আহিছিল কাৰণে তেওঁৰ মৃত্যু আমি বাধা দিব পাৰিলো।
আপোনালোক সকলোকে আমাৰ অশেষ ধন্যবাদ থাকিল।
( লেখক ডাঃ সুৰজিত গিৰি )
মন্তব্য দিয়ক

Your email address will not be published.