চতিয়াত পুনৰ ড্ৰাগছ সহ যুৱক আটক

0 17
শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট, ৩১ জুলাইঃ চতিয়াত আৰক্ষীৰ ধাৰাবাহিক অভিযানত ড্ৰাগছসহ দুই যুৱকক আটক কৰিবলৈ সক্ষম হয়। চতিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত ইটাখোলা আৰক্ষী চকীৰ আই চি ভাস্কৰজ্যোতি শইকীয়াৰ সহযোগত দুই যুৱকক ২০ টা হিৰ’ইনৰ কন্টেইনাৰসহ জব্দ কৰিবলৈ সক্ষম । গোপনসূত্ৰৰ পমখেদি চতিয়া আৰক্ষীয়ে এখন স্কুটিত (AS12AB 9104) অহা দুই যুৱকক সন্ধিয়া চেঙামাৰীত হিৰ’ইনৰ কন্টেইনাৰ সহ আটক কৰিবলৈ সক্ষম। আটক কৰা যুৱকদ্বয় ত্ৰিনয়ন হাজৰিকা আৰু বনজিৎ চৌধুৰি বুলি জানিব পৰা গৈছে। ইতিমধ্যে চতিয়া আৰক্ষীয়ে দুই যুৱকক অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে । উল্লেখ্য যে দুই যুৱকে ব্যবহাৰ কৰা স্কুটিখন অসম চৰকাৰৰ মেধাৱী ছাত্ৰীক প্ৰদান কৰা বাহন। আজিৰ এই অভিযানত স্থানীয় ৰাইজ আৰু চেঙামাৰী গাওঁৰক্ষী বাহিনীয়ে সহযোগ কৰে ।
মন্তব্য দিয়ক

Your email address will not be published.