শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৫জুলাইঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী বিহগুৰি দৈনিক বজাৰত আজি অঞ্চলটোৰ শতাধিক মহিলা আৰু পুৰুষে খাদ্য সুৰক্ষা আঁচনিৰ অধীনত তেওঁলোকৰ প্ৰাপ্য চাউল বিগত প্ৰায় সাতমাহে লাভ নকৰাত তীব্ৰ ক্ষোভ ব্যক্ত কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷উল্লেখযোগ্য যে,এইসকল লোকে জানুৱাৰীৰ পূৰ্বলৈকে লাভ কৰি থকা চাউল যোৱা সাত মাহে লাভ কৰা নাই৷ চৰকাৰে প্ৰৱৰ্তন কৰা নিত্য নতুন নিয়মৰ বাবে একোটা পৰিয়ালৰ এজন সদস্যৰ বাহিৰে বাকী সকলৰ নাম হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন হোৱা নতুবা একোটা পৰিয়ালৰ সকলোৰেই নাম তালিকাৰ পৰা কৰ্তন হোৱাৰ পৰিণতিত বহু সংখ্যক লোক চৰকাৰী আঁচনিৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে৷ আনহাতে তেওঁলোকে হঠাতে চাউল লাভ নকৰাত সুলভ মূল্যৰ এজেন্টক এই বিষয়ে সোধাত বঞ্চিত লোকসকলক তেজপুৰ স্হিত যোগান বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰে যোগাযোগ কৰিবলৈ কোৱা হয় আৰু ৰাইজে পাছত এই বিষয়ে কাৰ্যলয়ত উপস্থিত হৈ এই বিষয়ে প্ৰশ্ন কৰাত তেওঁলোকৰ নামসমূহ কাৰিকৰী কাৰণত অন্তৰ্ভুক্ত হোৱা নাই বুলি জানিবলৈ দি শীঘ্ৰেই এই সমস্যা নোহোৱা হ’ব বুলি কয়৷ কিন্তু বৰ্তমান জানুৱাৰীৰ পৰা জুলাই পালেহি যদিও ৰাইজে চাউল লাভ কৰা নাই৷আনহাতে,বিহগুৰি সমবায় সমিতি অধীনস্থ সুলভ মূল্যৰ এজেন্ট তাৰিণী চন্দ্ৰ নাথৰ বিৰুদ্ধেও ক্ষোভ উজাৰি একাংশ লোকে অভিযোগ কৰে যে,এজন হিতাধিকাৰীয়ে পাঁচকিলো চাউল লাভ কৰিব লাগে যদিও তেওঁলোকক চাৰে চাৰি কিলো চাউলহে দিয়া হয় আৰু কোনো কাৰণত দুদিন পিছত চাউল নিবলৈ অহা হিতাধিকাৰীক চাউল শেষ হোৱা বুলি ঘূৰাই পঠিয়াই৷বঞ্চিত হিতাধিকাৰীৰ নাম ইমানদিনে কিয় তালিকাভুক্ত হোৱা নাই তথা সকলো নথি জমা দিয়া সত্বেও তেওঁলোকৰ নাম কিয় কৰ্তন কৰা হৈছে এই সকলো বিষয়ে তদন্তৰ দাবী জনাই ক্ষুব্ধ লোকসকলে যোগান বিভাগ হায় হায়,বিজেপি চৰকাৰ গ’বেক,বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে পৰিস্থিতি উত্তাল কৰি তোলে। ইফালে খাদ্য সুৰক্ষা আঁচনিৰ ২৪৩৮ কুইন্টল চাউল ক’লা বজাৰত বিক্ৰী কৰা কেলেংকাৰিত জড়িত থকাৰ অভিযোগৰ প্ৰধান অভিযুক্ত তথা ঢেকিয়াজুলি কো অ’পাৰেটিভ মাৰ্কেটিং এণ্ড কনজিউমাৰ্চ ছ’ছাইটিৰ সম্পাদক হেমন্ত তালুকদাৰ সহ নজনক গ্ৰেপ্তাৰৰ পাছৰে পৰাই শোণিতপুৰত বিভিন্ন সমবায়ত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে চলাই আছে ব্যাপক অভিযান আছে৷ঢেকিয়াজুলিৰ লগতে ৰঙাপৰা আৰু গহপুৰতো অভিযান চলোৱা তদাৰকী কোষে যোৱা কালি পুনৰ ঢেকিয়াজুলিত অভিযান চলাই৷উল্লেখযোগ্য যে,আজি তদন্তকাৰী দলে ঢেকিয়াজুলিৰ পানবাৰী সমবায় আৰু ডুমডুমা সমবায় সমিতিৰ কাৰ্যালয়ত অভিযান চলাই৷ইয়াত সমিতিৰ বিষয়ববীয়া সকলৰ উপৰি একাংশ হিতাধিকাৰীকো সোধপোছ কৰি হিতাধিকাৰী সকলে চাউল নিয়মীয়াকৈ লাভ কৰিছে নে নাই সেই বিষয়ে বুজ লয়৷উল্লেখযোগ্য যে পৰহি মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে ঢেকিয়াজুলিত ক’লা বজাৰত বিক্ৰী হোৱা চাউল তথা ক্ৰেতাসকলৰ সন্ধানত অভিযান চলায় মনুজুলি গাঁৱৰ ঢেকিয়াজুলি-বাতাচীপুৰ পথৰ বাসিন্দা ব্যৱসায়ী ৰাজা গুপ্তাৰ গুদামত তালাচী চলাই ৪৭৭ কুইন্টল ৰাজহুৱা বিতৰণৰ চাউল জব্দ কৰাৰ লগতে ব্যৱসায়ী গুপ্তাক গ্ৰেপ্তাৰ কৰিছিল৷ শোণিতপুৰৰ ঢেকিয়াজুলিত দৰিদ্ৰ লোকৰ বাবে আবন্টন দিয়া ২৪১৮ কুইন্টল চাউল হৰলুকি ঘটিছিল৷ উল্লেখ্য ঢেকিয়াজুলি নগৰৰ প্ৰায় ১৯ খন সুলভমূল্যৰ দোকান আৰু মিজিবাৰী সমবায়ৰ অন্তৰ্গত চাৰি খন সুলভ মূল্যৰ দোকানৰ হেজাৰ হেজাৰ গ্ৰাহক জুন আৰু জুলাই মাহৰ চৰকাৰী চাউল লাভৰ পৰা বঞ্চিত হৈছিল ৷জুন আৰু জুলাই মাহৰ আবন্টিত খাদ্য সুৰক্ষা আঁচনিৰ ২৪ শ ১৮ কুইন্টল ২০ কিলোগ্ৰাম দৰিদ্ৰৰ নামত আৱন্তিত চাউল হৰলুকি হৈছিল ঢেকিয়াজুলিৰ মাৰ্কেটিং চ’চাইটীৰ পৰা ৷কিন্তু প্ৰথমতে নজন লোকক গ্ৰেপ্তাৰৰ পাছত অব্যাহত তদন্তত তালুকদাৰ সম্পাদক হিচাপে থকা সমবায়ে চাউল লাভ কৰাৰ পাছত সেই চাউল হিতাধিকাৰী তথা সুলভমূল্যৰ এজেন্টক নিদি ইয়াৰ বৃহৎ অংশ ক’লা বজাৰতহে বিক্ৰী কৰাটো স্পষ্ট হৈ পৰিছে৷উল্লেখযোগ্য যে,তালুকদাৰে এই চাউল বিক্ৰী কৰা বুলি তদন্তকাৰী দলক দিয়া ভাষ্যৰ ভিত্তিত ঢেকিয়াজুলিৰ চাউল ব্যৱসায়ী গুপ্তাৰ গুদামৰ পৰা চাৰিশতাধিক কুইন্টল চাউল জব্দ হোৱাৰ বিপৰীতে আন এজন মুধাফুটা ব্যৱসায়ীও এই ক’লা বেহাৰে জড়িত বুলি অভিযোগ উঠিছে য’দিও তেওঁৰ গুদামত চাউল নোপোৱাৰ বাবেই তেওঁ সুৰক্ষিতে আছে৷ আনহাতে একংশ লোকে অভিযোগ কৰে যে,এজন চৌধুৰী উপাধিৰ ঠিকাদাৰৰ লগতে যোগান বিভাগৰ একাংশ পৰিদৰ্শকো জড়িত আছে ।