চাৰিকড়ীয়াৰ বুকুত এজাক শিহুৰ জলকেলি

0 94

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ জুলাইঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নদ-নদীৰ বুকুৰ পৰা থলুৱা মাছ-কাছ, শিহু আদি ক্ৰমশঃ হ্ৰাস পোৱাৰ সময়তে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমীসকলৰ বাবে এক আশাব্যঞ্জক খবৰ আহিছে ঢকুৱাখনাৰ পৰা। ঢকুৱাখনাৰ হৃৎপিণ্ড স্বৰূপ চাৰিকড়ীয়া নদীৰ বুকুত বিচৰণ কৰি থকা অৱস্থাত দেখা পোৱা গৈছে দুষ্প্ৰাপ্য শিহুৰ জাক।
বাৰিষাৰ ফেন ফুটুকাৰে বাঢ়ি অহা চাৰিকড়ীয়াৰ বুকুত শিহুৰ এটা জাক ১২ জুলাই , ২০২৪ তাৰিখে প্ৰথমে প্ৰত্যক্ষ কৰে মাজুলীৰ প্ৰকৃতিপ্ৰেমী তথা থলুৱা মাছৰ গৱেষক সুনীল কুমাৰ বৰাই। জাকটোৰ জলকেলি বহু লোকে প্ৰত্যক্ষ কৰে। বৰাৰ খবৰৰ ভিত্তিত অসম বিজ্ঞান সমিতি, ঢকুৱাখনা শাখাৰ সম্পাদক তথা পু এন ফ’ ৱাইল্ডৰ সহ:প্ৰতিষ্ঠাপক বিমান সন্দিকৈ, পু এন ফ’ ৱাইল্ডৰ সহ:প্ৰতিষ্ঠাপক মানস প্ৰতিম দত্ত আৰু পু এন ফ’ ৱাইল্ডৰ সহ:প্ৰতিষ্ঠাপক ধ্ৰুৱ জ্যোতি চেতিয়াই চাৰিকড়ীয়া নদীৰ ঢকুৱাখনা নগৰৰ গাতে লাগি থকা মাতমৰা টেকেলিফুটা সংযোগী দলঙৰ পূব প্ৰান্তত দুটাকৈ শিহু প্ৰত্যক্ষ কৰে । উপস্থিত অন্যান্য ব্যক্তিয়ে ৪ তাতকৈ বেছি শিহু প্ৰত্যক্ষ কৰাৰ খবৰ দিয়ে। পু এন ফ’ ৱাইল্ড ৰ কৰ্মীসকলে মেগামিক্স প্ৰকৃতি সংঘৰ সম্পাদক দেৱজিৎ ফুকনক খবৰ দিয়াৰ লগতে কোনো দুস্কৃতিকাৰীয়ে শিহুৰ জাকটোৰ কোনো ক্ষতি নকৰিবলৈ ৰাইজক সজাগতাৰ বাবে পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে। এনেকৈ শিহুৰ অৱস্থতি ধৰা পৰাতো ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকৰ বাবে এক আশাব্যঞ্জক খবৰ হৈ পৰিছে। উল্লেখ্য যে ১৯৯৮ চনৰ পৰা ধাৰাবাহিকভাৱে ইটোৰ পিছত সিটোকৈ হৈ থকা বহুকেইটা বানপানীৰ বাবে ঢকুৱাখনাৰ জৈৱ-বৈচিত্ৰ্যত পৰা বিৰূপ প্ৰভাৱৰ ফলত চাৰিকড়ীয়া নদীৰ বুকুত থকা শিহুবোৰ নোহোৱা হৈ গৈছিল। প্ৰায় ডেৰ দশকৰ পিছত ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ বুকত শিহুৰ অৱস্থিতি ধৰা পৰিছিল ১৪ অক্টোবৰ ২০২৩ তাৰিখে।

মন্তব্য দিয়ক

Your email address will not be published.