চিনাক্ত ৬০ টা প্ৰতিষ্ঠানঃ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগতকৰণ নাইবা বন্ধ কৰাৰ তালিকা প্ৰস্তুত

0 43

শতাব্দ বিশেষ প্ৰতিনিধি, ১৬ মে’ : শীঘ্ৰেই অন্ততঃ ৬০ টা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হয় বন্ধ কৰি দিয়া হ’ব নতুবা ব্যক্তিগতকৰণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। নিটি আয়োগ, কেন্দ্ৰীয় ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ আৰু অন্যান্য সংশ্লিষ্ট মন্ত্ৰালয়ৰ বিষয়াসকলে ৬০টা এনে কেন্দ্ৰীয় ৰাজহুৱা প্ৰতিষ্ঠানক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নীতিৰ অধীনত ব্যক্তিগতকৰণ বা একেবাৰে বন্ধ কৰি দিয়াৰ বাবে চিনাক্ত কৰিছে। প্ৰাথমিক ভাবে যুগুতোৱা এই তালিকাত ৰাসায়নিক সাৰ, বস্ত্ৰ, ৰসায়ন আৰু পেট্ৰ’কেমিকেল, ঔষধ আৰু বাণিজ্য মন্ত্ৰালয়ৰ অধীনস্থ প্ৰতিষ্ঠান কিছুমানৰ নাম সন্নিবিষ্ট হোৱাৰ আশা আছে। উল্লেখযোগ্য যে, দেশখনৰ ‘নন-ষ্ট্ৰেটেজিক’ খণ্ডত মুঠতে ১৭৫ টা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আছে। ইয়াৰে এক তৃতীয়াংশ প্ৰতিষ্ঠান চৰকাৰে সম্ভৱতঃ ব্যক্তিগত খণ্ডৰ হাতত গতাব নতুবা একেবাৰে ধাৰাবাহিক ভাৱে শোচনীয় প্ৰদৰ্শন কৰি অহা প্ৰতিষ্ঠান কেইটাক বন্ধ কৰিয়েই দিব পাৰে বুলি ধাৰণা কৰা হৈছে। অৱশ্যে ইয়াৰে খুউব কম সংখ্যক প্ৰতিষ্ঠানক যিয়ে লাভজনক ব্যৱসায়ৰ লগত জড়িত নহয় আৰু জনসাধাৰণৰ স্বাৰ্থত কাৰ্যনিৰ্বাহ কৰি আছে তেনেসমূহক এই ব্যৱস্থাৰ আওঁতালৈ অনা নহয়। উদাহৰণ স্বৰূপে কৃষকৰ উন্নয়নৰ হকে কাম কৰা ‘কটন কৰ্পোৰেছন অৱ ইণ্ডিয়া’ আৰু ‘জুট কৰ্পোৰেছন অৱ ইণ্ডিয়া’ক চৰকাৰী খণ্ডতেই ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।
২০২২ চনৰ বাজেট ভাষণত বিত্তমন্ত্ৰী গৰাকীয়ে ষ্ট্ৰেটেজিক খণ্ড সমূহৰ ভিতৰত চাৰিটা বহল ভিত্তিক খণ্ডতহে চৰকাৰৰ নিম্নতম উপস্থিতি থকাৰ কথা দোহাৰিছিল। এই খণ্ড কেইটা হৈছে – পৰমাণু শক্তি, মহাকাশ আৰু প্ৰতিৰক্ষা ; পৰিৱহণ আৰু দূৰসংযোগ ; শক্তি, পেট্ৰোলিয়াম, আন খনিজ পদাৰ্থ ; আৰু বেঙ্কিং, বীমা আৰু বিত্তীয় সেৱা।

মন্তব্য দিয়ক

Your email address will not be published.