চিমেণ্ট উৎপাদনত ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ প্ৰস্তুতকৰ্তা হিচাপে আদানিৰ হঠাৎ উত্থান

0 64

শতাব্দ বিশেষ প্ৰতিনিধি, ১৬ মে’ : বিশ্বৰ পঞ্চম আৰু এছিয়া মহাদেশৰ শীৰ্ষস্থানৰ ধনী ব্যৱসায়ী গৌতম আদানিৰ ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰাৰ চেকুৰ পূৰ্ণগতিত অব্যাহত আছে। এইবাৰ ভাৰতবৰ্ষৰ চিমেণ্ট উদ্যোগত প্ৰৱেশ ঘটিছে আদানি গ্ৰুপৰ। কালি আদানি গ্ৰুপে প্ৰকাশ কৰিছে যে, তেওঁলোকে ইতিমধ্যে অম্বুজা চিমেণ্ট আৰু এ চি চি চিমেণ্টত থকা ছুইজাৰলেণ্ডৰ Holcim AG প্ৰতিষ্ঠানটোৰ ৬৩.১৯ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছে। ইয়াৰ পৰিমাণ হ’ব প্ৰায় ১০.৫ বিলিয়ন ডলাৰ। আন খণ্ডত মনোনিবেশ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা হ’লচিম গ্ৰুপৰ অম্বুজা চিমেণ্টত ৬৩.১৯ শতাংশ আৰু এ চি চি চিমেণ্টত ৫৪.৫৩ শতাংশ অংশীদাৰিত্ব আছিল। প্ৰায় ১৭ বছৰ ধৰি এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানটোৱে ভাৰতীয় চিমেণ্টৰ বজাৰত ব্যৱসায় চলাই আহিছিল । উল্লেখযোগ্য যে, অম্বুজা আৰু এ চি চি এই দুয়োটা প্ৰতিষ্ঠানে বছৰি প্ৰায় ৭০ নিযুত মেট্ৰিক টন চিমেণ্ট উৎপাদন কৰাৰ বিপৰীতে আদিত্য বিৰলা গ্ৰুপৰ আলট্ৰা টেকে উৎপাদন কৰে বছৰি ১২০ নিযুত মেট্ৰিক টন। অম্বুজা চিমেণ্টৰ মুঠ চিমেণ্ট প্ৰস্তুত উদ্যোগ আছে ১৪ টা আৰু কৰ্মচাৰীৰ সংখ্যা ৪,৭০০। আনফালে এ চি চি ৰ আছে ৬,০০০ কৰ্মচাৰীৰে ১৭ টাকৈ চিমেণ্ট উদ্যোগ। এই দুয়োটা প্ৰতিষ্ঠানৰে এতিয়া আদানী এণ্টাৰপ্ৰাইজ নতুন স্বত্বাধিকাৰী হোৱাত আদানী ‘আলট্ৰা টেক’ৰ পাছতে ভাৰতবৰ্ষৰ দ্বিতীয় সৰ্ববৃহৎ চিমেণ্ট প্ৰস্তুতকৰ্তা হিচাপে পৰিগণিত হ’ব। চিমেণ্ট প্ৰতিষ্ঠান দুটাৰ ৬৩.১৯ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰাৰ পাছতেই আজি সোমবাৰে দুপৰীয়ালৈকে ব’ম্বে ষ্টক এক্সচেঞ্জত অম্বুজা চিমেণ্টৰ ২.৯৩ আৰু এ চি চি চিমেণ্টৰ ৪.১২ শতাংশ শ্বেয়াৰ মূল্য বৃদ্ধি পাইছে।

মন্তব্য দিয়ক

Your email address will not be published.