চিৰকালৰ বাবে বন্ধ হ’ব Internet Explorer স্মৃতিকাতৰ নেট-নাগৰিক

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জুন : ‘মাইক্র’চফ্ট’-এ আটাইতকৈ পুৰণি ব্রাউজাৰ ‘ইন্টাৰনেট এক্সপ্ল’ৰাৰ’ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ২৭ বছৰৰ দীর্ঘ উপস্থিতি। এপটোক আগন্তুক ১৫ জুনত অৱসৰ দিব। যাৰ বাবে ভাৰাক্রান্ত নেট-নাগৰিকৰ মন। ‘উইণ্ডজ ৯৫’ৰ ছড-অন পেকেজ হিচাবেই ১৯৯৫ চনত বজাৰলৈ আহিছিল ‘ইন্টাৰনেট এক্সপ্ল’ৰাৰ’। ২০০৩ চনত Internet Explorer বিশ্বৰ ৯৫ শতাংশ নেট ব্যৱহাৰ কৰা মানুহৰ দ্বাৰা ব্যৱহৃত হয়, কিন্তু ‘ইন্টাৰনেট এক্সপ্ল’ৰাৰ’-এ নিজৰ এই অর্জন ধৰি ৰাখিব নোৱাৰিলে। পৰৱর্তী বছৰবোৰত ‘ইউজাৰ বেছ’ নাটকীয়ভাৱে কমিবলৈ আৰম্ভ কৰে। ১৫ জুনত বন্ধ হোৱাৰ পিছত ইয়াক আৰু অপাৰেট কৰিব পৰা নাযাব। Internet Explorer যেতিয়া স্ব-মহিমাৰে বিৰাজ কৰিছিল তেতিয়াই বজাৰলৈ অনেক ব্রাউজাৰ আহিছিল। যিবোৰ অনেক গতিময়, অনেক মসৃণ, অনেক ‘ইউজাৰ ইন্টাৰফেচ’ আৰু অনেক উন্নত। ফলত Internet Explorer প্রতিযোগিতাত ধীৰে ধীৰে পিছুৱাই যায়।

মন্তব্য দিয়ক

Your email address will not be published.