চীনা ভাষা শিকিব দেশৰ সেনাইঃতেজপুৰ বিশ্ব বিদ্যালয়ৰে বুজাবুজি চুক্তি সম্পন্ন

0 56

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯এপ্ৰিলঃ
তেজপুৰ বিশ্ববিদ্যালয়ৰ স’তে আজি দেশৰ সেনাৰ এক বুজাবুজিৰ চুক্তি সম্পাদিত হৈছে৷ উল্লেখযোগ্য যে,দেশৰ সেনাবাহিনীৰ লোকক চীনা ভাষা শিক্ষণৰ সন্দৰ্ভত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷১৬ সপ্তাহৰ এই চীনা ভাষা শিক্ষণৰ সূচী তেজপুৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা সম্পন্ন হ’ব৷সেনাৰ হৈ তেজপুৰস্হিত চতুৰ্থ ক’ৰ আৰু তেজপুৰ বিশ্ব বিদ্যালয়ৰ পঞ্জীয়কৰ মাজত সম্পাদিত এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰৰ সময়ত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিঙো উপস্থিত থাকে৷ উল্লেখযোগ্য যে,১৯৯৪ত স্হাপিত তেজপুৰ বিশ্ববিদ্যালয় বিদেশী ভাষা শিক্ষণৰ ক্ষেত্ৰত দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ শৈক্ষিক অনুষ্ঠান৷ ইয়াত আন বিদেশী ভাষাৰ লগতে চীনা ভাষাৰ শিক্ষাদান কৰে এই ভাষাৰ বিশেষজ্ঞই৷ উল্লেখযোগ্য যে,চীনা ভাষাৰ পাঠ্যক্ৰমে সময়সাপেক্ষে দেশৰ সেনাক চীনা সেনাৰ লোকৰে সম্পৰ্ক কৰাৰ ক্ষেত্ৰত সক্ষমতা বৃদ্ধি কৰিব৷ এই ভাষাৰ জ্ঞানে দেশৰ সেনাৰ বিষয়াবৰ্গক চীনা সৈন্যৰে অনুষ্ঠিত হোৱা অধিনায়ক পৰ্যায়ৰ আলোচনা, ফ্লেগমিটিং, যুটীয়া অনুশীলন আৰু সীমা সম্পৰ্কীয় বিষয়ৰ আলোচনাত সহায় কৰাৰ লগতে তেওঁলোকৰ প্ৰতিক্ৰিয়া তথা বিষয়সমূহ স্পষ্টকৈ বুজাত সহায় কৰাৰ লগতে এইক্ষেত্ৰত সক্ষমতা বৃদ্ধি কৰিব৷

মন্তব্য দিয়ক

Your email address will not be published.