চুলি কাটি স্বাৱলম্বী হোৱা অসমীয়া যুৱক যোগানন্দ

0 190

মুক্তাৰ আলী

আনে যোৱা বাটে নোযোৱা এজন যুৱকৰ কথা। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ পূৱ বহুপথাৰৰ যুৱকজনৰ নাম যোগানন্দ দুৱৰা। আত্ম প্ৰতিষ্ঠাৰ হেঁপাহেৰে ভাৰতৰ বিভিন্ন স্থানত সৰু বৰ অলেখ কামত নিয়োজিত হৈ ভ্ৰমী ফুৰাৰ পাছত এদিন তেওঁ অনুভৱ কৰিলে আপোন ঠাইতে থাকি কিবা এটা কৰাৰ। অৰ্থ সৰ্বস্ব জীৱন পৰিক্ৰমাত অলেখ কৰ্ম , ব্যৱসায় কথা মনলৈ অহাৰ পিছতো পিছহুহকি ৰ’ল তেওঁ।বহু গুনা গঁঠাৰ পিছত ঠিৰাং কৰিলে কম পইচাৰে কিবা এটা কৰি প্ৰতিষ্ঠা হোৱাৰ কথা। আন দহজন উচ্চাকাংক্ষী যুৱকৰ দৰে বৃহৎ ব্যৱসায় কিম্বা উদ্যোগ আদিৰ কথা নেভাবি তেওঁ এনে এটা ব্যৱসায় বাছি ল’লে য’ত লাভৰ পৰিমাণ বহু বেছি অথচ অসমীয়া যুৱকসকলে সেই ব্যৱসায় নকৰে, কেৱল সমাজত হেয় হোৱাৰ ভয়ত। মিছা অহংকাৰত মত্ত সমাজৰ শিকলিৰ চিঙি এদিন তেওঁ হাতত তুলি ল’লে শানত দিয়া কেঁচী আৰু ধাৰাল ব্লেডৰ তীক্ষ্ণতা। তেওঁ আৰম্ভ কৰিলে শিলিখাগুৰি চেণ্টাৰৰ চেলুনৰ ব্যৱসায়। কৰ্মই ধৰ্ম বোলা আপোনভোলা, মৰমলগা যুৱক যোগানন্দ দুৱৰা।গাঁওপ্ৰধান পিতৃ দেৱকান্ত দুৱৰাৰ সুসন্তান যোগানন্দ আজি ব্যৱসায়িকভাৱে সফল। প্ৰতিদিনে দুহেজাৰলৈকে উপাৰ্জন কৰা যোগানন্দৰ মতে- কৰ্মৰ সন্ধানত অৰঙে-দৰঙে তেওঁ জীৱনৰ বহু মূল্যবান সময় নষ্ট কৰিলে।আত্মমৰ্যাদা আৰু মিছা ভেমত মত্ত নহৈ জীৱনৰ সেই সোণালী সময়বোৰ এনেদৰে কৰ্মৰ মাজেৰে অতিবাহিত কৰা হ’লে তেওঁ আৰু বহু উন্নতি কৰিব পাৰিলেহেঁতেন। তেওঁৰ মতে প্ৰথমতে ঘৰৰপৰা অনুমতি নেপাব বুলি ভাবিছিল যদিও নিজৰ পৰিকল্পনাৰ কথা দেউতাকক সাহসেৰে ব্যক্ত কৰিছিল।অনুভৱী পিতৃৰ পৰা নিৰাশাৰ বিপৰীতে ইতিবাচক সঁহাৰিহে পালে। দেউতাকে কৈছিল -“কামৰ সৰু বৰ নাই।সততা আৰু আন্তৰিকতাৰে কৰিলে সকলো কামতে সফলতা পাব পাৰি”।হয় যোগানন্দৰ দেউতাকৰ দৰে বহুতো লোক আছে যিসকলে নিজৰ সন্তানৰ কৰ্মৰ সৰু বৰ বিচাৰ কৰাতকৈ কৰ্মৰ প্ৰতি শ্ৰদ্ধাশীল হ’বলৈ প্ৰেৰণা দি সন্তানক কৰ্মময় জীৱনৰ প্ৰতি মোহবিষ্ট কৰি আগবঢ়ায় নিয়ে।

যোগানন্দই ক’লে- ” আমাৰ মানুহৰ টকা সামান্য সেৱাৰ বিনিময়ত বহিৰাজ্যৰ লোকে অবাধে নি আছে।আমি জাত্যাভিমান, আত্মাভিমানৰ দোহাই দি হাঁহিমুখে তেওঁলোকক টকা দি আছো।যদি বাহিৰৰ মানুহক দিয়া সেই টকাবোৰ আমিয়েই গ্ৰহণ কৰাৰ পৰিৱেশ সৃষ্টি কৰোঁ তেন্তে আমাৰ উন্নতি অৱশ্যম্ভাৱী। তেওঁৰ মতে চিকিউৰিটি গাৰ্ডৰপৰা অইলৰ কৰ্মীলৈকে অলেখ কাম কৰি যি অৰ্থ তেওঁ লাভ কৰিছিল, আজিৰ উপাৰ্জনৰ লগত সেয়া তুলনাই নহয়। ৰাইজৰ চুলি-দাঢ়ি কাটি তেওঁ কৰা উপাৰ্জনে পৰিয়ালটো সুন্দৰকৈ চলিছে আৰু ভৱিষ্যতৰ বাবে নিৰ্মাণ কৰিব পাৰিছে অৰ্থ সুৰক্ষাৰ এটি মজবুত ভেটি।

মন্তব্য দিয়ক

Your email address will not be published.