শতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ,২৭ জুলাইঃ সাম্প্ৰতিক সময়ত ৰাজ্য চৰকাৰে নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ বিপৰীতে পদ বিলুপ্তি কৰিবলৈ লোৱা কাৰ্যত জাঙুৰ খাই উঠিছে সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতি৷ সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ দেউৰী আৰু সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই আজি এক বিবৃতিত উল্লেখ কৰিছে যে চৰকাৰে কোনো কাৰণতে খালী পদসমূহ বিলুপ্তি কৰিব নোৱাৰিব৷ ৰাজ্য চৰকাৰে ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ পূৰ্বে এটা চৰকাৰী চাকৰিৰ বাবে আশাৰে বাট চাই থকা নিবনুৱা সকলৰ আশাত চেচা পানী ঢালি অপ্ৰয়োজনীয় খালী পদ বিলুপ্তি কৰিব বিচৰা কাৰ্যক নিবনুৱা সন্থাই কেতিয়াও মানি নলয়৷ সন্থাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিছে৷ ইফালে চৰকাৰে ১ লাখ নিবনুৱাক আত্ম সংস্থাপনৰ বাবে ২ লাখ টকাকৈ সাহাৰ্য দিয়া হ’ব বুলি যি ঘোষণা কৰিছে সেই কাৰ্য এক চমক সৃষ্টিৰ বিজ্ঞাপনহে বুলি সন্থাই চৰকাৰক তীব্ৰ সমালোচনা কৰিছে৷ এই ২ লাখ টকা ঋণ নে সাহাৰ্য এই কথা শীঘ্ৰে স্পষ্ট কৰক বুলি চৰকাৰক সদৌ নিবনুৱা সন্থাই দাবী জনাইছে৷