জন্মদিনৰ প্ৰাকক্ষণতো ’’কৃষক বন্ধু’’ সোণেশ্বৰ বৰা অৱহেলিত

অসমত ক্ষুদ্ৰ চাহ খেতিৰ পিতৃপুৰুষৰ প্ৰতিমূৰ্তিক লৈ ক্ষুদ্ৰ চাহ সংগঠনৰ চৰম অৱহেলা, প্ৰতিক্ৰিয়া

0 180

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ৫ মেঃ সমাজদৰদী আদৰ্শৰ নেতা, প্ৰাক্তন কৃষিমন্ত্ৰী, গোলাঘাট সমষ্টিৰ কেইবাবাৰৰো বিধায়ক প্ৰয়াত সোণেশ্বৰ বৰা তেওঁৰ সহজ-সৰল নিৰহংকাৰী জীৱনচৰ্যাৰ বাবে যেনেকৈ জীৱন কালত সকলোৰে মাজত অতিশয় জনপ্ৰিয় আৰু শ্ৰদ্ধেয় আছিল, মৃত্যুৰ পিছতো ব্যতিক্ৰমী ব্যক্তিত্বৰ এই গৰাকী জনদৰদী নেতাৰ স্মৃতি আজিও জনমানসত উজ্জ্বল হৈ আছে। কাইলৈ ৬ মে’ত এইগৰাকী সৰ্বজন শ্ৰদ্ধেয় ব্যক্তিৰ ৯৬ সংখ্যক জন্ম দিৱস। ‘কৃষক বন্ধু’ ৰূপে পৰিচিত প্ৰাক্তন কৃষিমন্ত্ৰী সোণেশ্বৰ বৰা আছিল অসমৰ গ্ৰাম্য অৰ্থনৈতিক ক্ষেত্ৰত এক নিৰৱ বিপ্লৱৰ সূচনাৰে হাজাৰ হাজাৰ যুৱকৰ স্বাৱলম্বিতাৰ পথ যুগান্তকাৰী পদক্ষেপেৰে মুকলি কৰা ক্ষুদ্ৰ চাহ খেতিৰো জন্মদাতা। কিন্তু অসমত ক্ষুদ্ৰ চাহখেতিৰ জন্মদাতা প্ৰাক্তন কৃষিমন্ত্ৰী সোণেশ্বৰ বৰা আজি ক্ষুদ্ৰ চাহ খেতিয়কৰ সংগঠনৰ হাততে কেনেদৰে অনাদৃত আৰু অৱহেলিত হৈ ৰৈছে সেই কথা গোলাঘাট নগৰৰ মাজমজিয়াত স্থাপন কৰা তেওঁৰ এটি প্ৰতিমূৰ্তিৰ প্ৰতি প্ৰদৰ্শন কৰা উদাসীনতা সচেতন মহলত চৰ্চিত হৈছে। জানিবলৈ পোৱা মতে ক্ষুদ্ৰ চাহ খেতিয়কৰ গোলাঘাটৰ এটি সংগঠনে অসমত ক্ষুদ্ৰ চাহ খেতিৰ পিতৃপুৰুষ সোণেশ্বৰ বৰাৰ এটি পূৰ্ণাবয়ৱ মূৰ্তি স্থানীয় বিধায়ক পুঁজিৰ ধনেৰে কেইবা বছৰো পূৰ্বেই নিৰ্মাণ কৰি উলিয়ায়। কিন্তু প্ৰতিমূৰ্তিটি নিৰ্মাণৰ পিছত আনুষ্ঠানিকভাৱে উন্মোচনৰ উদ্যোগৰ কথা বিভিন্ন সময়ত প্ৰচাৰ হোৱাৰ পিছতো আজিপৰ্যন্ত বিধায়ক পুঁজিৰে নিৰ্মিত মহান নেতাগৰাকীৰ প্ৰতিমূৰ্তিভাগৰ আনুষ্ঠানিক উন্মোচনৰ ব্যৱস্থা সংশ্লিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক সংগঠনৰ দ্বাৰা হৈ নুঠাৰ বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গোলাঘাটৰ সদৰ থানাৰ সন্মুখৰ মোহিনী কুমাৰ শইকীয়া পথৰ দাঁতিত সোণেশ্বৰ বৰাৰ নৱনিৰ্মিত এই প্ৰতিমূৰ্তিভাগ উন্মোচনৰ আনুষ্ঠানিকতাৰ অভাৱত দীৰ্ঘ দিন ধৰি পলিথিনেৰে মেৰিয়াই ৰখা হৈছিল যদিও সময়ত বতাহ-বৰষুণত মেৰিয়াই ৰখা পলিথিনো জহি-খহি উঁৱলি পৰাত প্ৰতিমূৰ্তিভাগ নিজে নিজেই উন্মোচিত হৈ পৰে। আনহে নালাগে বেদীত কোনো ধৰণৰ ফলক আদি অবিহনেই প্ৰতিমূৰ্তিভাগ তেনেকৈয়ে পৰিত্যক্ত হৈ ৰৈছে। প্ৰতিমূৰ্তিৰ চৌপাশে বেৰ তথা সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থাৰ অভাৱেও অৱহেলাৰ ভাবকে প্ৰকট কৰিছে। ভৱিষ্যতলৈকে প্ৰতিমূৰ্তিভাগৰ চোৱাচিতাৰ দায়িত্বনো কাৰ সেয়াও সমানেই অস্পষ্ট। কেইবা লাখ টকাৰ বিধায়ক পুঁজিৰে নিৰ্মিত প্ৰতিমূৰ্তিভাগৰ এই সম্পৰ্কীয় কোনো তথ্য তথা সোণেশ্বৰ বৰাৰ নাম সম্বলিত ফলকৰ অভাৱত এই প্ৰতিমূৰ্তিনো প্ৰকৃততে কাৰ অথবা কেতিয়া কাৰ দ্বাৰা নিৰ্মিত সেই কথাও উল্লেখ কৰাৰ ন্যূনতম সৌজন্যতাখিনিও প্ৰদৰ্শন নকৰাৰ কথাই অসমত ক্ষুদ্ৰ চাহ খেতিৰ জন্মদাতাগৰাকীৰ প্ৰতি আজিৰ ক্ষুদ্ৰ চাহ খেতিয়ক সংগঠনৰ নিদাৰুণ উন্মাসিকতাকে নিৰ্লজ্জ ৰূপত উদঙাই দেখুৱাইছে।

মন্তব্য দিয়ক

Your email address will not be published.