জামুগুৰিহাটত পথ দুৰ্ঘটনা : নিহত ১

0 34

জামুগুৰিহাট, ৭ ডিচেম্বৰ : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শান্তিপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত এক পথ দুৰ্ঘটনাত ৰঞ্জিত শইকীয়া (৬০) নামৰ এজন লোকৰ মৃত্যু হয়। মৃত লোকজনৰ ঘৰ অঞ্চলটোৰ পাঁচিগাঁৱত। ব্যক্তিজনে চাইকেল চলাই কুসুমটোলালৈ আহি থকা অৱস্থাত এখন দ্ৰুতবেগী এখন ট্ৰাকে মহতিয়াই নিয়াৰ ফলত গুৰুতৰভাৱে আহত হয়। আহত ব্যক্তিজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ উত্তৰ জামুগুৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনে গতিবেগ বৃদ্ধি কৰি পলাই সাৰিবলৈ সক্ষম হয়।

মন্তব্য দিয়ক

Your email address will not be published.