জামুগুৰিহাটত বাঘৰ সন্ত্ৰাস

নিধন কৰিছে পশুধন

0 16

জামুগুৰিহাট, ২৬ নৱেম্বৰ : বনৰীয়া হাতীৰ পিছত জামুগুৰিহাটত এইবাৰ বাঘৰ আতংক। জামুগুৰিহাটৰ পশ্চিমাঞ্চলত বাঘৰ আতংকত এতিয়া ক্ৰস্তমান গাঁওবাসী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বাঘে জামুগুৰিহাটৰ পাণপুৰত নিধন কৰিছে কেইবাটাও গৰু। সন্ধিয়াৰ ভাগত বনৰজাই অঞ্চলটোত বিচৰণ কৰাৰ কথা জানিবলৈ দিছে স্থানীয় ৰাইজে। ৰাইজে জানিবলৈ দিয়া মতে বাঘৰ আক্ৰমণত এতিয়ালৈকে অঞ্চলটোত কেইবাটাও গৰু আৰু ম’হৰ মৃত্যু হৈছে । বনৰজাৰ বিচৰণৰ আতংকত ভোগা অঞ্চলটোৰ ৰাইজ এতিয়া সন্ধিয়া হোৱাৰ লগে লগে ঘৰৰ ভিতৰত সোমাই থাকিবলৈ বাধ্য হৈছে। বাঘে অঞ্চলটোৰ ধাননি পথাৰৰ মাজত আশ্ৰয় গ্ৰহণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ধান পকিবলৈ ধৰা সময়ত এতিয়া বাঘৰ আতংকত ভোগা স্থানীয় ৰাইজে ধান চপাবলৈ পথাৰলৈ যাবলৈয়ো ভয় কৰা হৈছে। স্থানীয় ৰাইজে অঞ্চলটোত বাঘৰ সন্ত্ৰাস তথা আতংক দূৰ কৰাৰ বাবে বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.