জিঅ’ৰ বিৰুদ্ধে গ্ৰাহকক ঠগি কোটি কোটি লু্‌ণ্ঠনৰ অভিযোগ

আদালত গমনৰ প্ৰস্তুতি তিনিচুকীয়াৰ ভুক্তভোগী গ্ৰাহকৰ

0 41
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১২ ছেপ্টেম্বৰঃ বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি মুকেশ আম্বানী মালিকানাধীন ৰিলায়েন্স কোম্পানীয়ে জিঅ’ ম’বাইল সেৱা প্ৰৱৰ্তনৰ নামত গ্ৰাহকক ৰামঠগন দি কোটি কোটি টকা লু্‌ণ্ঠন কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ তিনিচুকীয়াৰ একাংশ ভুক্তভোগী গ্ৰাহকে এই অভিযোগ উত্থাপন কৰাৰ লগতে ফ’ৰ জি সেৱাৰ নামত কোম্পানীটোৱে গ্ৰাহকক আভুৱা ভাৰি কেৱল লুণ্ঠন চলাই থকাৰ বিৰুদ্ধে আদালতৰ শৰণাপন্ন হোৱাৰ প্ৰস্তুতি চলাইছে৷ অভিযোগ অনুসৰি বিগত প্ৰায় এটা পষেক ধৰি অতি নিম্নমানৰ সেৱাৰ বাবে ফ’ন বা ইণ্টাৰনেট ব্যৱহাৰ কৰাটো একপ্ৰকাৰে দুৰূহ হৈ পৰিছে৷ জিঅ’ ম’বাইল সেৱাৰ মানদণ্ড ইমানেই নিম্নগামী হৈছে যে কাৰোবাৰ লগত যোগাযোগ কৰিবলৈ হ’লে দহবাৰ নম্বৰ ডায়েল কৰিলেহে ভাগ্যক্ৰমে পোৱাৰ সম্ভাৱনা থাকে ৷ ইয়াৰোপৰি কথা পাতি থকাৰ মাজতে কাটি যোৱা, কথা নুশুনা হৈ পৰা, মাত ফাটি যোৱা সমস্যাবোৰ আছেই ৷ তিনিচুকীয়া হেন ব্যৱসায়ী চহৰখনত কোনো অট্টালিকা, পকী দোকান, ঘৰ, কাৰ্যালয় আদিত সোমাই গ’লে জিঅ’ ম’বাইলৰ নেটৱৰ্ক পাবলৈকে সমস্যাৰ সৃষ্টি হয়৷ ইফালে ফ’ৰ জিৰ নামত যি ইণ্টাৰনেট সেৱা জিঅ’ই আগবঢ়াই আহিছে তাৰ মানদণ্ড কি সেয়া ভুক্তভোগীয়েহে গম পায় ৷ বৰ্তমান ম’বাইলতে সকলো উপলব্ধ হোৱা স্বত্বেও বা-বাতৰি আদি গ্ৰাহকে শান্তিৰে চাব নোৱৰে৷ সৰু বাতৰিৰ ভিডিঅ’ এটা চলাবলৈ গ’লে কিমানবাৰ যে ৰৈ ৰৈ যায় তাৰ সীমা নাই৷ কিন্তু উৎকৃষ্ট সেৱা প্ৰদান কৰিব পৰা নাই যদিও কোম্পানীটোৱে প্ৰতি নিৰ্ধাৰিত সময়ৰ মূৰত নিৰ্দিষ্ট প্লেনৰ ধন গ্ৰাহকৰ পৰা আদায় কৰি আছে ৷ জিঅ’ৰ নিম্নমানৰ সেৱাত অতিষ্ঠ হৈ পৰা সাধাৰণ গ্ৰাহকে কাৰ আগত অভিযোগ দাখিল কৰিব সেয়া গম নোপোৱাত উপায়ন্তৰ হৈ আদালতৰ শৰনাপন্ন হোৱাৰ কথাই বিকল্পৰূপে বিবেচনা কৰিছে ৷ ইয়াৰ লগতে তিনিচুকীয়াত এইদৰে লাখ লাখ গ্ৰাহকক ৰাম ঠগন দি লুণ্ঠন চলাই থকা কোম্পানীটোৰ বিৰুদ্ধে জিলা প্ৰশাসনকো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভুক্তভোগী গ্ৰাহকসকলে আহ্বান জনাইছে ৷
মন্তব্য দিয়ক

Your email address will not be published.