জিলা উপায়ুক্তৰে পৰ্যালোচনা বৈঠকত খঙত অগ্নিশৰ্মা কিয় হ’ল মুখ্যমন্ত্রী

0 23

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ জুনঃ বান পৰিস্থিতিক লৈ দিছপুৰত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত পৰ্যালোচনা বৈঠক। জিলা উপায়ুক্তসকলৰ পৰা বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে। বহুকেইগৰাকী জিলা উপায়ুক্তৰ কাম-কাজত ক্ষুণ্ণ মুখ্যমন্ত্রী শৰ্মা। দৰং-বজালীৰ উপায়ুক্তক সকীয়নি ড° হিমন্ত বিশ্ব শৰ্মাৰ। বহুকেইগৰাকী জিলা উপায়ুক্তক কঠোৰ সকীয়নি মুখ্যমন্ত্রীৰ। স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ বিৰুদ্ধেও খৰ্গহস্ত হ’ল মুখ্যমন্ত্ৰী। স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াক সাহায্য শিবিৰসমূহ পৰিদৰ্শনৰ নিৰ্দেশ। প্রতিটো সাহায্য শিবিৰত স্বাস্থ্য শিবিৰ পতাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। বৈঠকত কেবিনেট সতীৰ্থসকলৰ লগতে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ, বায়ুসেনা, ৰে’লৱে আদিকে ধৰি বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল।

বৈঠকত মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশসমূহ –
১.বান শিবিৰতেই নহয়, য’তেই বান তাতে পাব লাগিব খাদ্য।
২.টকাৰ অভাৱ হ’লে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি, SOPDৰ পৰা লওক ধন।
৩.আবদ্ধ লোকক উদ্ধাৰৰ বাবে ব্যৱহাৰ কৰক সেনা, NDRF, SDRF, বায়ুসেনা।
৪.উপায়ুক্তক সহায়ৰ বাবে যিমান মানুহ লাগে যুদ্ধকালীনভাৱে পঠোৱা হ’ব।
৫.উপায়ুক্তই প্ৰয়োজনত খাদ্য ৰান্ধিও খুৱাব লাগিব বন্যাৰ্তক।
৬.আশ্ৰয় শিবিৰলৈ গৈ বন্যাৰ্তৰ দুখ-দুৰ্দশাৰ বুজ লওক উপায়ুক্তই।
৭.প্ৰয়োজন সাপেক্ষে শিবিৰতে নিশা কটাওক উপায়ুক্ত, চৰকাৰী বিষয়াই।
৮.জিলাৰ সহায় লৈ হ’লেও উপায়ুক্তই বানাক্ৰান্ত অঞ্চলত যোগান ধৰক পশু খাদ্য।
৯.ক্ষতিগ্ৰস্তক সহায় কৰিবলৈ উপায়ুক্তই নিজেই ব্যৱস্থা ল’ব পাৰিব।
১০.ক্ষতিগ্ৰস্তক সহায়ৰ বাবে উপায়ুক্তই দিছপুৰৰ কোনো অনুমতি ল’ব নালাগে।
১১.গৰ্ভৱতী মহিলাক হাস্পতাললৈ অনাৰ দায়িত্ব স্বাস্থ্য বিভাগৰ।
১২.দিনে-নিশাই হাস্পতালত থাকিব লাগিব চিকিৎসক।
১৩.প্ৰতিটো বানাক্ৰান্ত অঞ্চললৈ যাব লাগিব স্বাস্থ্য বিভাগৰ কৰ্মী।
১৪.ক্ষতিপূৰণৰ তালিকা প্ৰস্তুত কৰোঁতে এমাহ ল’ব নোৱাৰিব চৰকাৰী বিষয়াই।
১৫.বান কমাৰ লগে লগে দাখিল কৰিব লাগিব ক্ষতিগ্ৰস্তৰ তালিকা।
১৬.অহা ২-৩ দিনলৈ নিজ নিজ জিলাত থাকিব লাগিব অভিভাৱক মন্ত্ৰীসকল।

মন্তব্য দিয়ক

Your email address will not be published.