শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭ এপ্ৰিলঃ অসমৰ সংবাদ আৰু সাংস্কৃতিক জগতৰ পৰিচিত ব্যক্তি জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাক ২০২৩ বৰ্ষৰ প্ৰণৱ সিংহ স্মাৰক বঁটাৰ বাবে মনোনীত কৰা হৈছে৷ উল্লেখ্য যে, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে প্ৰতি বছৰে অসমৰ সাহিত্য-সংস্কৃতি তথা সংবাদ জগতৰ একোগৰাকীকৈ বিশিষ্ট ব্যক্তিলৈ আগবঢ়াই আহিছে প্ৰয়াত সাংবাদিক প্ৰণৱ সিংহ স্মাৰক বঁটা৷ উত্তৰ অসমৰ সংবাদ জগতৰ মহীৰূহ স্বৰূপ প্ৰণৱ সিংহৰ এক মে’ৰ মৃত্যু তিথিৰ দিনটোত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে প্ৰণৱ সিংহ স্মৃতিচাৰণ সভা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছে৷ এই দিনটোতেই আমাৰ অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা সাংস্কৃতিক কৰ্মী গৌতম শৰ্মাক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ’ব বুলি শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া আজি জানিবলৈ দিয়ে৷ উক্ত অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ শম্ভু নাথ সিং, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মি৷ তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বিশিষ্ট নাট্যকাৰ-পৰিচালক ঐশ্বৰ্য কাকতি, অধ্যাপক ডঃ প্ৰাণজিৎ হাজৰিকাকে প্ৰমুখ্য কৰি তেজপুৰৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত জড়িত কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা৷