ঝক ঝক ৰেল চলিব…মিজোৰামলৈ

0 1

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,৫ মেঃ ঝক ঝক ৰেল চলিব…মিজোৰামলৈ… মিজোৰামক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা বৈৰবি-ছাইৰাং ব্ৰডগজ ৰেলসেৱা অহা জুলাই মাহত আৰম্ভ হ’ব । বৈৰবী অসম সীমান্তৰ সমীপত থকাৰ বিপৰীতে ৰাজ্যৰ ৰাজধানী আইজলৰ পৰা প্ৰায় ২১ কিলোমিটাৰ দূৰত্বত আছে ছাইৰাং। ২০০৮-২০০৯ চনত অনুমোদিত ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথ প্ৰকল্পটো উত্তৰ-পূব সীমান্ত ৰে’লৱেই কাৰ্যকৰী কৰি আছে।
এন এফ ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া কিশোৰ শৰ্মাই জনোৱা মতে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিছে আৰু জুলাই মাহত ৰেল চলাচল আৰম্ভ হোৱাৰ কথা। তেওঁ কয় যে বিগত দুদিনত ৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে’লপথত ট্ৰাইল ৰাণ সফলতাৰে সম্পন্ন হৈছে আৰু বৰ্তমান ৰে’ল সুৰক্ষা পৰিদৰ্শন চলি আছে। বৈৰবি-ছাইৰাং ৰেলপথ প্ৰকল্পটো কেন্দ্ৰৰ এক্ট ইষ্ট নীতিৰ অধীনত আৰম্ভ কৰা হয়, যাৰ লক্ষ্য হৈছে সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ সংযোগ আৰু অৰ্থনৈতিক সংহতি বৃদ্ধি কৰা। এই ৰেলপথে আইজলক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰি মিজোৰামক প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰে’ল মানচিত্ৰৰ আউটিৰ ভিতৰলৈ আনিব।
এই প্ৰকল্পটোৰ বাবে ৮,২০০ কোটি টকাৰো অধিক ব্যয় হৈছে। এই পথত ৫৫খন ডাঙৰ আৰু ৮৭খন সৰু দলং, মুঠ প্ৰায় ১২.৬৫ কিলোমিটাৰ জোখৰ ৩২টা ভূগৰ্ভস্থ সুৰংগ, ১৫টা কাটি ঢাকি থোৱা সুৰংগ, পাঁচখন অভাৰব্ৰিজ আৰু ছটা আণ্ডাৰ পাছ আছে। ৰেলপথচোৱাৰ চাৰিটা ষ্টেচন হৰটোকি, কাউনপুই, মুৱালখাং আৰু ছাইৰাংৰ মাজেৰে ৰে’লপথটো পাৰ হৈ গৈছে।
ম্যানমাৰ সীমান্তৰ সমীপৰ মিজোৰামৰ দক্ষিণৰ লংটলাই জিলালৈকে ৰে’লপথ সম্প্ৰসাৰণৰ বাবেও এক জৰীপ চলোৱা হৈছে বুলি তেওঁ লগতে জনায়। ইফালে, এন এফ আৰৰ জেনেৰেল মেনেজাৰ (নিৰ্মাণ) অৰুণ কুমাৰ চৌধুৰীয়ে শুকুৰবাৰে মুখ্যমন্ত্ৰী লালডুহোমাক ৰাজ্যৰ মূল ৰে’ল প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰিবলৈ আহ্বান জনায় বুলি চিএমঅ’ৰ সূত্ৰই প্ৰকাশ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.