টাঞ্জানিয়ালৈ যাব লগা আন্ত:ৰাষ্ট্ৰীয় পেচাদাৰী বক্সাৰ অভিজিত বৰুৱাক সম্বৰ্ধনা 

 সহায়ৰ বাবে আগবাঢ়ি আহিছে কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্বত্ত্বাধিকাৰ

0 33

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১ জুন : ৱৰ্ল্ড বক্সিং কাউন্সিল আৰু এচিয়ান বক্সিং কাউঞ্চিলৰ অধীনত নতুন দিল্লী আৰু উত্তৰ প্ৰদেশত অনুষ্ঠিত প্ৰফেশ্যনেল বক্সিংৰ দুখনকৈ খেলত বিজয় সাব্যস্ত কৰি আফ্ৰিকা মহাদেশৰ টাঞ্জানিয়াত হ’বলগীয়া আন্ত:ৰাষ্ট্ৰীয় পেচাদাৰী বক্সিংত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অর্জন কৰা যোৰহাট তথা অসমৰ গৌৰৱ অভিজিত বৰুৱাই আজি যোৰহাট আৱৰ্ত্ত ভৱনত ক্ৰীড়া মন্ত্ৰী বিমল বৰাক সাক্ষাৎ কৰে। সাক্ষাৎ কালত ক্ৰীড়া মন্ত্ৰী বিমল বৰাই বক্সাৰ অভিজিত বৰুৱাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ উপৰি বিদেশত অনুষ্ঠিত হ’ব লগা আগন্তুক খেলখনৰ বাবে সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। মন্ত্ৰীজনে আগন্তুক খেলৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি সুন্দৰ খেল প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে সুদূৰ টাঞ্জানিয়াত অনুষ্ঠিত হ’ব লগা পৰৱৰ্তী খেলত অংশগ্ৰহণ কৰিবলৈ খেলুৱৈজনক যথেষ্ট অৰ্থৰ প্ৰয়োজন। কিন্তু সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে পেশাদাৰী বক্সিঙত পোনপ্ৰথমবাৰৰ বাবে অসমৰ নাম খোদিত কৰিবলৈ আগবাঢ়ি যোৱা উদীয়মান বক্সাৰজনৰ সেই খৰছ বহন কৰাৰ সামৰ্থ্যৰ অভাৱ। এনে সময়তে খেলুৱৈজনক কিছু পৰিমাণে সহায় কৰিবলৈ আগবাঢ়ি আহিছে যোৰহাটৰ বিশিষ্ট উদ্যোগপতি তথা কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্বত্ত্বাধিকাৰ বসন্ত খৈতান। ইপিনে, আজি সাক্ষাৎ কালত ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰীজনে সহায়ৰ আশ্বাস প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে অভিজিতৰ শুভাকংক্ষী অনুগামী সকল।

মন্তব্য দিয়ক

Your email address will not be published.