ডালচেনি বুলি আমি খাইছো কি ? বৰবিহ ’কেচিয়া’ নে ’তাজ’ !

0 0
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৩ জুলাই : মানৱ শৰীৰৰ বাবে উপকাৰী বুলি গণ্য কৰা মছলা হিচাপে সৰ্বজন ব্যৱহৃত ডালচেনিৰ নামত আচলতে আমি কি খাই আছো ? সাধাৰণ লোকৰ অজ্ঞতাৰ সুযোগ গ্ৰহণ কৰি এচাম মুনাফালোভী ব্যৱসায়ীয়ে আমাক আভুৱা ভাৰি ডালচেনিৰ নামত বৰবিহ খুৱাই আছে নেকি ? অতি গুৰুত্বপূৰ্ণ আৰু জনস্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ হ’ব পৰা এই বিষয়ত এক উপযুক্ত তদন্তৰ ব্যৱস্থা গ্ৰহণৰ বাবে তিনিচুকীয়া প্ৰেছ ক্লাবৰ তৰফৰ পৰা উপায়ুক্তক এক পত্ৰ প্ৰদান কৰা হৈছে ৷ তিনিচুকীয়া প্ৰেছ ক্লাবৰ সভাপতি কমল তালুকদাৰৰ দ্বাৰা স্বাক্ষৰিত উক্ত পত্ৰখনত উল্লেখ যে বৰ্তমান বজাৰত মছলা হিচাপে ব্যৱহাৰ হোৱা ডালচেনিৰ পৰিৱর্তে ডালচেনিৰ লগত সাদৃশ্য থকা ’কেচিয়া’ নামৰ আন এবিধ সামগ্ৰী বিক্ৰী হৈ আছে । তিনিচুকীয়াৰ জনৈক অনিল ভজংকা নামৰ এজন অসাধু ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশৰ পৰা ’কেচিয়া’ বা ’তাজ’ নামেৰে পৰিচিত ডালচেনিৰ সৈতে সামঞ্জস্য থকা আন এবিধ গছৰ ছাল প্ৰকৃত ডালচেনি বুলি আনি ব্যৱসায় কৰি থকা বুলি অভিযোগত প্ৰকাশ ৷ যিহেতু উক্ত ‘কেচিয়া’ মানুহৰ শৰীৰৰ বাবে ক্ষতিকাৰক সেয়ে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সামগ্ৰীবিধৰ সন্দৰ্ভত এক উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰখনত উপায়ুক্তক আহ্বান জনোৱা হয় ৷ ইয়াৰোপৰি উক্ত ব্যৱসায়ীজনে নিজকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিক বুলি পৰিচয় দি এনে ধৰণৰ অসাধু কার্যকলাপত লিপ্ত থকাৰ সন্দেহৰ থল আছে বুলিও পত্ৰত উল্লেখ কৰা হয় ৷ জানিব পৰা মতে ফুড ছেফ্‌টি এণ্ড ষ্টেণ্ডার্ড আইন-২০০৬ যোগে ’তাজ’ বিক্ৰীৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল ৷ কাৰণ ই স্বাস্থ্যৰ বাবে হানিকৰ ৷ দেশৰ আন ৰাজ্যতো ইয়াৰ বিক্ৰীৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে ৷ প্ৰকৃত ডালচেনিৰ তুলনাত ’তাজ’ৰ মূল্য বহুগুণে কম ৷ ’তাজ’ৰ মূল্য প্রতি কেজিত ৬০-৬৫ টকা হোৱাৰ বিপৰীতে ডালচেনিৰ মূল্য প্রতি কেজিত ৩০০ টকাতকৈ অধিক ৷ ডালচেনি বুলি ’তাজ’ৰ বিক্ৰীৰ ফলত ডালচেনিৰ প্ৰকৃত খেতিয়কে লোকচানৰ মুখ দেখিছে ৷ সূত্ৰমতে কেৰালাৰ এজন ডালচেনিৰ খেতিয়কে এই সন্দৰ্ভত কেৰালা উচ্চ ন্যায়ালয়ত ২০১১ চনত এক গোচৰ তৰে আৰু কেৰালা উচ্চ ন্যায়ালয়ে সকলো চালিজাৰি চাই ’তাজ’ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰে ৷ ইয়াৰোপৰি ইউৰোপৰ বহু দেশত ’তাজ’ নিষিদ্ধ আছে ৷ কিন্তু একাংশ অসাধু ব্যৱসায়ীয়ে অধিক মুনাফাৰ আশাত বন্দী হৈ অতি কৌশলেৰে ইয়াক বজাৰত ডালচেনি হিচাপে বিক্ৰী কৰি মানৱ জীৱনৰ সৈতে হেতালি খেলি আহিছে ৷
মন্তব্য দিয়ক

Your email address will not be published.