ডেৰ দশকৰ পিছত চাৰিকড়ীয়াৰ বুকুত ভুটংকৈ ওলাল শিহু

ৰাজ্যৰ প্ৰকৃতিপ্ৰেমীৰ বাবে আশাব্যঞ্জক খবৰ

0 188

শতাব্দ ঢকুৱাখনা, ১৪ অক্টোবৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নদ-নদীৰ বুকুৰ পৰা থলুৱা মাছ-কাছ, শিহু আদি ক্ৰমশঃ হ্ৰাস পোৱাৰ সময়তে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমীসকলৰ বাবে এক আশাব্যঞ্জক খবৰ আহিছে ঢকুৱাখনাৰ পৰা। ঢকুৱাখনাৰ হৃৎপিণ্ড স্বৰূপ চাৰিকড়ীয়া নদীৰ বুকুত বিচৰণ কৰি থকা অৱস্থাত পুনৰ দেখা পোৱা গৈছে দুষ্প্ৰাপ্য শিহু। উল্লেখ্য যে ১৯৯৮ চনৰ পৰা ধাৰাবাহিকভাৱে ইটোৰ পিছত সিটোকৈ হৈ থকা বহুকেইটা বানপানীৰ বাবে ঢকুৱাখনাৰ জৈৱ-বৈচিত্ৰ্যত পৰা বিৰূপ প্ৰভাৱৰ ফলত চাৰিকড়ীয়া নদীৰ বুকুত থকা শিহুবোৰ নোহোৱা হৈ গৈছিল। প্ৰায় ডেৰ দশকৰ পিছত পুনৰ ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ বুকত শিহুৰ অৱস্থিতি ধৰা পৰাটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। উল্লেখ্য যে আজি পুৱা প্ৰায় ১১ বজাত ঢকুৱাখনাৰ প্ৰকৃতিপ্ৰেমী সংগঠন পু এন, ফু ৱাইল্ডৰ কৰ্মী ধ্ৰুৱজ্যোতি চেতিয়া, ধৰ্মেশ্বৰ নাথ, ৰাজীৱ বৰুৱা আৰু মানস প্ৰতিম দত্তই এক পক্ষী নিৰীক্ষণৰ কাৰ্যসূচীৰ বাবে চাৰিকড়ীয়া নদীৰ বলাইঘাট অঞ্চললৈ গৈছিল।তেওঁলোকে নদীৰ পাৰত ৰৈ নিৰৱে পক্ষী নিৰীক্ষণ কৰি থকাৰ সময়তে চাৰিকড়ীয়া নদীৰ বুকুত এটি শিহুৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰে। পেছাত সংবাদকৰ্মী ৰাজীৱ বৰুৱাই সতৰ্কতাৰে ধৈৰ্য ধৰি শিহুটোৰ ভিডিঅ আৰু ফটো সংগ্ৰহ কৰিবলৈ সক্ষম হয়। গুৰুত্বপূৰ্ণ কথা যে বান-গৰাখহনীয়াৰ ফলত চাৰিকড়ীয়া নদীৰ বুকু বাম হৈ পৰাৰ লগতে নদীখনে বাৰে বাৰে সুঁতি সলনি কৰাৰ বাবে বিগত বহু বছৰ ধৰি শিহু দেখা নগৈছিল। কিন্তু এই বৰ্ষৰ শাৰদীয় বতৰতে আজি চাৰিকড়ীয়াৰ বুকুত শিহুৰ অৱস্থতি ধৰা পৰাতো ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকৰ বাবে এক আশাব্যঞ্জক খবৰ হৈ পৰিছে। উল্লেখ্য আজি প্ৰত্যক্ষ কৰা শিহুটোৰ বয়স আনুমানিক ১ বছৰ।

মন্তব্য দিয়ক

Your email address will not be published.